CM Is Tough On Child Marriage:মুছলিম বিবাহ আইন খাৰিজক লৈ উত্তাল সদন

বাল্য বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, মই জীয়াই থকালৈ বাল্যবিবাহ হ’বলৈ নিদিওঁ:মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ বক্তব্যত অসন্তুষ্ট বিৰোধীৰ সদন ত্যাগ, বাহিৰত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত বিৰোধীৰ

hbs

CM Is Tough On Child Marriage:

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনটো উত্তাল হৈ পৰে সদন । মুছলিম বিবাহ আইন খাৰিজক লৈ সদনত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ । এই আইনখন খাৰিজক লৈ কংগ্ৰেছ ,এআইইউডিএফ সহ কে’বা গৰাকী বিৰোধী বিধায়কে তীব্ৰ বিৰোধীতাক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদাত্তভাৱে কয়, ‘পাঁচ-ছয় বছৰীয়া ছোৱালীৰ বিবাহ মই হ’বলৈ নিদিওঁ’।

আনহাতে, আইনখনৰ বিৰোধিতা কৰা এ আই ইউ ডি এফৰ বিধায়কক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মই জীয়াই থকালৈ বাল্য বিবাহ হ’বলৈ নিদিওঁ’৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এই আইনৰ অধীনত ৬ বছৰীয়া শিশুকো বিয়া দিয়াৰ ব্যৱস্থা আছে। ৫-৬ বছৰীয়া ছোৱালীৰ মই বিয়া হ’ব নিদিও। মুছলমান সমাজৰ ছোৱালীক লৈ ব্যৱসায় কৰিব দিয়া নহ’ব।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত জনতা ভৱনত অনুষ্ঠিত অসম কেবিনেটত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন-১৯৩৫ খাৰিজৰ সিদ্ধান্ত লৈছিল।

আনহাতে বহুচৰ্চিত এই বিধেয়কখন অসম বিধানসভাত উত্থাপন হোৱা নাই যদিও আগন্তুক অধিৱেশনতে উদ্থাপন কৰিব চৰকাৰে ৷

মনকৰিবলগীয়া যে,মুখ্যমন্ত্ৰীৰ মন্তব্যত অসন্তুষ্ট কংগ্ৰেছ,এআইউডিএফ বিধায়ক সহ আন আন বিৰোধী বিধায়ক সকলে সদন ত্যাগ কৰি বাহিৰত হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Exit mobile version