State BJP organizes ‘Beneficiary Relations Campaign’ Workshop:অসম চাহ মজদুৰ সংঘৰ কেইবাসংখ্যকে বিজেপিত যোগদান

দলৰ মুখ্য কাৰ্যালয়ত "হিতাধিকাৰী সম্পর্ক অভিযান" কৰ্মশালাৰ আয়োজন

bjp join

State BJP organizes ‘Beneficiary Relations Campaign’ Workshop:

ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ পৰা কেইবাজনো নেতা-কর্মীয়ে আজিও বিজেপি দলত যোগদান কৰে। ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত শাসকীয় বিজেপি দলৰ প্ৰতি আগ্রহ প্রকাশ কৰি আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ সভাপতি সুকদেৱ নায়ক, মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গৌড়, টিংৰাই শাখাৰ সম্পাদক বংশীলাল চাহু আৰু নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতীৰ নেতৃত্বত মজদুৰ সংঘৰ শতাধিক কর্মকর্তাৰ লগতে বিলাসীপাৰা পৌৰসভাৰ কংগ্ৰেছ দলৰ তিনিগৰাকী সদস্যই বশিষ্ঠস্থিত মুখ্য কার্যালয়ত সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

যোগদান কার্যসূচীত অন্যান্য সকলৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ৰূপেশ গোৱালা আৰু ভাস্কৰ শর্মাও উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শৰ্মাৰ চাহ জনগোষ্ঠীয় ৰাইজৰ হকে গ্রহণ কৰা উন্নয়নলমূক বিভিন্ন কাৰ্যসূচীৰ প্ৰতি আকৃষ্ট হৈ চাহ মজদুৰ সংঘৰ নেতা-কর্মীসকলে দলত যোগদান কৰাৰ সিদ্ধান্ত লয় বুলি অৱগত কৰে।

আনহাতে দলৰ মুখ্য কার্যালয়ত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ সজাগতা বৃদ্ধিৰ লগতে হিতাধিকাৰী সকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দলৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত ‘হিতাধিকাৰী সম্পর্ক অভিযান‘ শীর্ষক এক কর্মশালা অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত কর্মশালাত ৰাষ্ট্রীয় সম্পাদক কামাখ্যা প্রসাদ তাচা,ৰাষ্ট্রীয় নেতা অবিনাশ ক’লি, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্র ৰাজু, হিতাধিকাৰী সম্পর্ক অভিযানৰ আহ্বায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে। কর্মশালাত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সমূহৰ সুফল পাবলৈ সক্ষম হোৱা হিতাধিকাৰী সকলৰ সৈতে মত-বিনিময় কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়।

Exit mobile version