Zakir Hussain Shikder appeared before the CID office:চি আইডিৰ কাৰ্যালয়ত হাজিৰ জাকিৰ হুছেইন শিকদাৰ

সংগ দিয়ে ভূপেন বৰা আৰু ৰেকিবুদ্দিন আহমেদসহ শতাধিক কংগ্ৰেছ কৰ্মী

bhupen bora 1

Zakir Hussain Shikder appeared before the CID office:

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত আইন শৃংখলা বিঘ্নিত কৰা আৰু আৰক্ষীক দুব্যৱহাৰৰ অভিযোগত চিআইডিয়ে প্ৰেৰণ কৰা চমন অনুসৰি আজি চি আইডি কাৰ্যালয়ত হাজিৰ হয় এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ

উল্লেখ্য যে, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বহুচৰ্চিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটী মহানগৰীত অনাধিকাৰ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ৰজু কৰিছিল গোচৰ ৷ পৰৱৰ্তী সময়ত এই গোচৰ হস্তান্তৰিত কৰা হয় চি আই ডিলৈ ৷ চিআই ডিয়ে উল্লিখিত গোচৰ সন্দৰ্ভত বিধায়ক শিকদাৰলৈ চমন দিয়াৰ পাছত বৃহস্পতিবাৰে শিকদাৰ উপস্থিত হয় চিআইডিত

চিআইডি কাৰ্যালয়লৈ অহাৰ সময়ত শিকদাৰক সংগ দিয়ে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা,বিধায়কদ্বয় ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাস সহ শতাধিক নেতা – কৰ্মী ৷

উল্লেখ্য যে, চিআইডি সংশ্লিষ্ট তদন্তকাৰী বিষয়াৰ ওচৰলৈ মাত্ৰ জাকিৰ হুছেইন শিকদাৰ আৰু তেওঁৰ অধিবক্তাক যাবলৈ দিয়া হয় ৷ বাকী সকলো কংগ্ৰেছ নেতা- কৰ্মী চিআইডি হেড কোৱাৰ্টাৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ৰৈ থাকে ৷

মনকৰিবলগীয়া যে,অনুৰূপ গোচৰ এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰজু কৰা হয় ৷ সেই অনুসৰি শুক্ৰবাৰে দুই নেতা চমনমৰ্মে চিআইডি কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৷

Exit mobile version