Asomiya Bjp Barta Opening:অসমীয়া বিজেপি বার্তা”ত দলৰ নীতি-দৰ্শনৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টান্তমূলক কর্মৰাজি প্রতিফলিত হয়: মনোজ বৰুৱা

assam bjp

Asomiya Bjp Barta Opening:

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা’ৰ মার্চ মাহৰ সংস্কৰণটো আজি দলৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত উন্মোচিত হৈ যায়।

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই মাৰ্চ মাহৰ সংস্কৰণটো উন্মোচন কৰি কয়, “অসমীয়া বিজেপি বার্তা” বিগত সাতটা বছৰ ধৰি ধাৰাবাহিকভাবে প্রকাশ হৈ আহিছে। দলৰ মুখপত্ৰখনে প্রতিটো সংখ্যাতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-দৰ্শনৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টান্তমূলক কাম, সেৱা আৰু আঁচনিসমূহৰ বিভিন্ন ইতিবাচক দিশ সন্নিৱিষ্ট কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত আলোকপাত কৰি আহিছে।

সাম্প্রতিক ডিজিটেল মাধ্যমত উপলব্ধ “অসমীয়া বিজেপি বার্তা”ৰ দ্বাৰা দলীয় কাৰ্যকৰ্তাৰ লগতে সকলো স্তৰৰ পঢ়ুৱৈ উপকৃত হ’ব পাৰিব। ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে আঁত ধৰা অনুষ্ঠানটোত বিজেপি বার্তাৰ সম্পাদক জিতেন শর্মা, ৰাজ্যিক কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা উপস্থিত আছিল।

Exit mobile version