Five Accused Arrested in Baihata Flyover Accident:বাইহাটাৰ উৰণসেঁতু দুৰ্ঘটনাৰ অভিযুক্ত পাঁচজনক গ্ৰেপ্তাৰ

baihata

Five Accused Arrested in Baihata Flyover Accident:

বাইহাটা চাৰিআলিৰ নিৰ্মীয়মাণ উৰণসেঁতু দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পাঁচজনক ৷ ধৃত লোক কেইজন হ’ল সুবোধ কুমাৰ সুমন, ইব্রাহিম আলী,ধৰ্মেন্দ্ৰ, জোনাক ডেকা আৰু অমল অর্জুন ৷

ইতিমধ্যে আটকাধীন লোক কেইজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পাছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,নিৰ্মাণৰত উৰণসেতুঁৰ শ্লেব খহি কৰুণ মৃত্যুক সাবটি লয় এজন চানাৱালাই ৷

মনকৰিবলগীয়া যে,বাইহাটাৰ নিৰ্মীয়মাণ উৰণসেঁতৰ ওপৰত ক্ৰেনেৰে বীম ওপৰলৈ উঠাই থকাৰ সময়তে হঠাতে তললৈ খহি পৰে প্ৰকাণ্ড বীমটো। সেই সময়ত সেঁতু খনৰ তলত চানা বিক্ৰী কৰি আছিল এজন চানাৱালাই ৷ একেদৰে কৰ্মৰত হৈ আছিল কে’বাজনো শ্ৰমিক ৷ বীমৰ হেচাত চানাৱালাজনৰ ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰাৰ বিপৰীতে আন কে’বাজনো শ্ৰমিক গুৰুত্বৰভাৱে আহত হয় ।

শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে হুৱাদুৱা লাগে ঘটনাস্থলীত ৷ ৰাজপথলৈ ওলাই আহি সেঁতু খনৰ নিৰ্মিয়মান ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰে বহুলোক ৷

ইপিনে,উপস্থিত শ্ৰমিকৰ ভাষ্য অনুসৰি, ক্ৰেনখনৰ ভাৰসাম্যহীন হৈ পৰাৰ ফলতে এই ঘটনা সংঘটিত হয় এই ভয়ংকৰ অঘটনটো ৷ আনহাতে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷ উল্লেখযোগ্য ,ঘটনাটি সংঘটিত হোৱাৰ পাছতে পলায়ন কৰিছিল ক্ৰেনখনৰ চালকজন ৷

Exit mobile version