Hand Over The List of Interest Takers In Rangapara To C M:মুখ্যমন্ত্ৰীক অর্পণ কৰিব ৰঙাপৰাৰ সুতখোৰৰ তালিকা

এজাহাৰ দাখিলৰ পাছত অন্তর্ধান মহিলা সুতখোৰ

interst

Hand Over The List of Interest Takers In Rangapara To C M:

সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হোৱা আৰক্ষী অভিযানৰ বিপৰীতে শোণিতপুৰ তথা তেজপুৰত একাংশ সুদখোৰক আৰক্ষীয়ে সোধ-পোছ কৰিলে অধিকাংশ সুদখোৰ সম্প্রতি সুৰক্ষিত।

উল্লেখ্য যে কেবল তেজপুৰ আৰু পার্শ্ববর্তী অঞ্চলত সুদৰ এখন বৃহৎ বজাৰ চলি আহিছে দীর্ঘদিনৰ পৰাই। আনকি এনে সুদখোৰৰ কবলত পৰিয়েই যোৱা পহিলা মাৰ্চত তেজপুৰৰ নামডেকা চুবুৰী নিবাসী পুষ্প দাস (৫১) নামৰ এগৰাকী শিক্ষকে আত্মহননৰ পথ বাছি লয়। উদমাৰী অঞ্চলৰ পথৰ দাঁতিত থকা এজোপা গছত চিপ লোৱা এইগৰাকী শিক্ষকে একাধিক সুদখোৰৰ পৰা ধন লৈছিল আৰু এইসকলৰ হাততে তেওঁৰ এটিএম আৰু বেংকৰ পাছবুক আদিও আছিল।

ঋণ আৰু সুদৰ বোজা সহিব নোৱাৰি অতিষ্ঠ হৈ পৰা শিক্ষকজনে মানসিকভাবে বিধ্বস্ত হৈ নিজকে শেষ কৰি দিব বুলিও তেওঁৰ একাংশ ঘনিষ্ঠৰ আগত প্রকাশ কৰা বুলি শেহতীয়াকৈ প্রকাশ কৰিছে একাংশ লোকে।

উল্লেখ্য যে এই ঘটনা সন্দর্ভতো এই পর্যন্ত কোনো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰা নাই। উল্লেখ্য যে একলাখ ৯০ হেজাৰ টকা সুদত লোৱাৰ পাছত ইয়াৰ বিপৰীতে পাঁচ লাখৰ অধিক ধন পৰিশোধ কৰিও সুদখোৰৰ পৰা ৰক্ষা পোৱা নাই একাংশই। শেহতীয়াকৈ এগৰাকী মহিলাক আন এগৰাকী মহিলা সুদখোৰে ২০২১ৰ পৰাই হাৰাশাস্তি কৰাৰ লগতে ঋণগ্রস্ত মহিলাগৰাকীৰ পৰা সোণৰ অলংকাৰ হস্তগত কৰা তথা তিনিখন চেকত স্বাক্ষৰ কৰাই লোৱাৰো অভিযোগ উঠিছে।

সপ্তাহে সপ্তাহে সুদৰ ধন আদায় লোবা মর্মী নামৰ সুদখোৰ মহিলাগৰাকীৰ বিৰুদ্ধে তেজপুৰৰ কছাৰীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল হৈছে। একেদৰে ভিতৰসূতিৰ ছাদ্দাম নামৰ আন এক সুদখোৰে ধনৰ বিনিময়ত এটিএম, যান- বাহনো কাঢ়ি লোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে অবৈধভাবে চলাই অহা এই সুদখোৰী কার্যকলাপৰ বিষয়ে জানি-বুজিয়েই একাংশই অত্যধিক পৰিমাণৰ সুদত ধন লৈ পাছত অধিক বিপর্যয়ৰ সন্মুখীন হয়।

ইতিমধ্যে যোৱা দুটা বছৰত বালিপৰা আৰু তেজপুৰত দুজন লোকে সুদখোৰৰ পৰা পৰিত্ৰাণ বিছাৰি আত্মহননৰ পথ বাছি লোৱাৰ বিপৰীতে শিঙৰিত সুদখোৰে কাঢ়ি লৈছে মানুহৰ ঘৰবাৰী। তেজপুৰৰ গৰৈমাৰীতো সুদখোৰৰ এক বৃহৎ চক্র চলি আছে।

ইয়াত আন এগৰাকী মহিলায়ো চলাই গৈছে সুদৰ এখন বৃহৎ বেহা। উল্লেখ্য যে ব্যবসায়ী, চৰকাৰী কৰ্মচাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰে জড়িত লোকে অত্যধিক ধন উপার্জনৰ পথ হিচাপে এই সুদৰ অবৈধ বেহা চলাই গৈছে।

কিন্তু বাজ্যৰ মুখ্যমন্ত্রীয়ে দিয়া নির্দেশৰ পাছত শোণিতপুৰৰ কেইজনমান দাগী সুদখোৰক আৰক্ষীয়ে সোধপোছৰ বাবে আনিলেও তেওঁলোকৰ বিষয়ে আনুষ্ঠানিকভারে কোনো কথা প্রকাশ কৰা নাই আৰু ইয়াবে অধিকাংশই সহজে মুক্ত হৈ যোৱাৰো সুযোগ লাভ কৰিছে।

প্রণিধানযোগ্য যে সুদখোৰৰ বিৰুদ্ধে কোনো প্রমাণ নাই বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰি এনে কাৰণতে কৰায়ত্ত কৰাৰ পাছতো সুদখোৰক মুকলি কৰি দিবলৈ বাধ্য হোৱা বুলি সদৰী কৰাৰ বিপৰীতে একোজন সুদখোৰৰ হাতত আন মানুহৰ বহুসংখ্যক এ টি এম কার্ডৰ লগতে বিভিন্ন সামগ্রী তথা নথি মজুত থকা সত্ত্বেও সেয়া আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱৰাটো ৰহস্যজনক বুলি চর্চিত হৈছে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন অঞ্চলৰ বহুসংখ্যক সুদখোৰৰ নাম আৰু ঠিকনা আৰক্ষীয়ে সস্থানীয় সূত্ৰৰ জৰিয়তে সংগ্রহ কৰিছিল; কিন্তু মুৰকত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। সুদখোৰৰ এনে কাৰ্যৰ বিপৰীতে শেহতীয়াকৈ ৰঙাপৰাৰ একাংশ লোকে এনে সুদখোৰৰ এখন তালিকা শীঘ্রেই ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীক অর্পণ কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্রহণৰ দাবী জনাবলৈ থিৰাং কৰিছে।

Exit mobile version