Bjp Mobile Vehicle:জনসাধাৰণৰ পৰামৰ্শই হ’ব বিজেপিৰ সংকল্পৰ ভাষা

জিলাই জিলাই যাব ৰাজ্যিক বিজেপিৰ ২৮ খন ভ্রাম্যমান বাহন

bjp

Bjp Mobile Vehicle:

ভাৰতীয় জনতা পার্টিৰ প্ৰতিজন কার্যকর্তাই সমাগত লোকসভা নিৰ্বাচনৰ বাবে নিজকে সম্পূর্ণৰূপে প্রস্তুত কৰি তুলিছে। প্রথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছত ইতিমধ্যেই দলীয় কার্যকর্তাসকলে সংগঠনৰ কাৰ্যক্ৰমত অধিক সক্ৰিয়তাৰে অংশগ্রহণ কৰিছে।

ৰাষ্ট্ৰীয় পর্যায়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যিক পর্যায়ত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক কার্যক্রমে দলটোৰ কার্যকর্তা সকলক অধিক উৎসাহিত কৰি তুলিছে। ভাৰতীয় জনতা পার্টিয়ে সমাগত লোকসভা নিৰ্বাচনৰ হেতু সংকল্প পত্ৰ তৈয়াৰ কৰাৰ পূৰ্বে জনসাধাৰণৰ মতামত গ্রহণ কৰাৰ উদ্দেশ্যে আজিৰে এক বিশেষ শ্ৰেণীৰ বাহনৰ শুভাৰম্ভণি কৰে।

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বিধায়ক সিদ্ধার্থ ভট্টাচার্যই এই বাহন সমূহৰ শুভাৰম্ভণি কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ২৮ খন ভ্রাম্যমান বাহনে সমগ্ৰ অসমৰ বিভিন্ন প্রান্ত ভ্ৰমণ কৰি জনসাধাৰণৰ মতামত তথা পৰামৰ্শ গ্রহণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণৰ পৰামৰ্শসমূহ দিল্লীলৈ প্রেৰণ কৰা কৰিব।

উল্লেখ্য যে এই অভিযান অহা ১৫ মাৰ্চলৈকে চলিব। জনসাধাৰণে প্ৰদান কৰা মতামত তথা পৰামৰ্শৰ ভিত্তিত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সংকল্প পত্র তৈয়াৰ কৰিব।

আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ -সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ সহ-আহ্বায়ক দিলীপ দাস, ৰাজ্যিক কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল।

Exit mobile version