Cm Himanta Viswa Sarma Pressmeet In Loksewa Bhawan:শুক্ৰবাৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে যোৰহাটত মুকলি কৰিব ৮৪ ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি

পৱে

Cm Himanta Viswa Sarma Pressmeet In Loksewa Bhawan:

শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম তথা উত্তৰ-পূবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ-পূব ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আজি দিছপুৰস্থ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী সংবাদ মাধ্যমৰ ওচৰত সদৰি কৰে ৷

মুখ্যমন্ত্ৰী সংবাদমেল সম্বোধন কৰি কয়, প্ৰধানমন্ত্ৰী মোদী শুক্ৰবাৰে বিয়লি চাৰিবজাত তেজপুৰ বিমানকোঠত উপস্থিত হ’ব ৷ আনহাতে শনিবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ জীপ চাফাৰী কৰিব ৷ তাৰ পৰা তেওঁ উৰা মাৰিব অৰুণাচল অভিমুখে ৷ তাত দুখন ৰাজহুৱা সভাত ভাগ লৈ বিয়লি পুনৰ উপস্থিত হ’বহি যোৰহাট ৷ আনহাতে সন্ধিয়া যোৰহাটৰ মেলেং-মেটেলিত নিৰ্মিত বীৰ লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ সুবিশাল প্ৰতিমূৰ্তিটো মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত লাচিত বৰফুকন বৃহৎ প্ৰতিমূৰ্তিটোৰ সন্দৰ্ভত বিৱৰণ দাঙি ধৰি কয়, প্ৰতিমূৰ্তিটো ভৰি জুৰি আছে ৪১ ফুট ৷ বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ মুকলিৰ পাছত মেলেং-মেটেলি পথাৰত বৃহৎ ৰাজহুৱা সভাত বহুকেইটা চৰকাৰী আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই সভাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব ৫,৫৫,৫৫৫টা চৰকাৰী আঁচনিৰ ঘৰ।

মুখ্যমন্ত্ৰীয়ে কয়,একেদিনাই ইমান বৃহৎ সংখ্যক ঘৰ হিতাধিকাৰীৰ হাতত চমজাই দিয়া ই ভাৰতৰ ভিতৰত এক অভিলেখ বুলি উল্লেখ কৰে ৷ নতুন ঘৰৰ হিতাধিকাৰীৰ হাতত অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ হৈ পঠাব এটা মিঠাইৰ টোপোলা।

উল্লেখ্য যে,এই সভাৰ পৰাই ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব তিনিচুকীয়া মেডিকেল কলেজ ৷ একেদৰে ডিগবৈ, গুৱাহাটী তেল শোধনাগাৰৰ বৃহৎ প্ৰকল্প মুকলি কৰাৰ উপৰিও শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন,গুৱাহাটীৰ বেটকুছিস্থ ভাৰতীয় তেল নিগম(আইঅচি) লৈ আৰ্থিক অনুদান আগবঢ়াব,বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবাহী পাইপ মুকলি,ধূপধৰাৰ পৰা ছয়গাঁৱলৈ দ্বৈত ৰে’লপথৰো কৰিব শুভাৰম্ভ। নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ মুকলি কৰিব ৷

মুখ্যমন্ত্ৰীয়ে,বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ নিৰ্মাণত প্ৰায় ১,৩২৮ কোটি টকা ব্যয় কৰা হৈছে বুলি উল্লেখ কৰি কয়,মেলেং-মেটেলি পথাৰৰ এই বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে সৰ্বমুঠ ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব।

আনহাতে উল্লিখিত সভাত অংশ ল’ব প্ৰায় ১০ হেজাৰ লাখপতি বাইদেউ সহ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলায়ো অংশগ্ৰহণ কৰিব ৷ এই সভাতে বহুচৰ্চিত লাখপাতি বাইদেউক লৈ লিখা বুকলেট মুকলি কৰা হ’ব বুলি সদৰি কৰি বিশাল সভাত ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷

Exit mobile version