Putin:পুটিনৰে শত্রুতাৰ পৰিণতি !

নিজ দেশতে সন্ত্রাসবাদী ঘোষিত প্রাক্তন বিশ্ব চেম্পিয়ন খেলুৱৈ

putin 1

Putin:

ৰাছিয়াৰ প্রাক্তন দবা খেলুৱৈ গে’ৰী কাম্পৰ’তক সন্ত্রাসবাদীৰ তালিকাভুক্ত কৰিলে ভ্লাডিমীৰ পুটিন চৰকাৰে। ৰাছিয়াৰ চৰকাৰৰ দ্বাৰা সঞ্চালিত ব’ছফিনম নিট বিংগ এজেন্সীয়ে কাম্পৰ’ ভক সন্ত্রাসবাদী বুলি ঘোষণা কৰিলে। কাম্পৰ’ভে দবা খেলৰ পৰা অব্যাহতি লোৱাৰ পাছত ৰাছিয়াৰ ৰাজনীতিত সক্রিয় হৈছিল আৰু নিজকে এজন ৰাজনৈতিক নেতা হিচাপে উপস্থাপন কৰিছিল।

কিন্তু ৰাজনৈতিক নেতা হিচাপে কাম্পৰ’ভে পুটিন বিৰোধী শিবিৰত অৱস্থান গ্রহণ কৰিছিল। বিগত সময়ছোৱাত কাম্পৰ’ভে পুটিন বিৰোধী ভাষণ দি ৰাছিয়াত বহুতৰে দৃষ্টি আকর্ষিত কৰিছিল। ইয়াৰ পৰিণতিত কাম্পৰ’ভে ৰাছিয়া ত্যাগ কৰিবলৈ বাধ্য হৈছিল। সম্প্রতি কাম্পৰ’ভে আমেৰিকাত বসবাস কৰিছে। ২০১৬ তে কাম্পৰ ভে মস্কো ত্যাগ কৰি আমেৰিকালৈ গৈছিল। পুটিনৰ সমালোচক হোৱাৰ কাৰণতে কাম্পৰ’ভক এইদৰে সন্ত্রাসবাদী তালিকাভূক্ত কৰা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ৰাছিয়া ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা কাম্পৰ’ভে এই যুদ্ধৰ বিৰোধিতা কৰি আহিছে। পুটিনক ক্ষমতাৰ পবা বহিষ্কাৰ কৰিলেহে এনে যুদ্ধ বন্ধ কৰা সম্ভব হ’ব বুলি কাম্পৰ’তে মন্তব্য কৰিছিল।

Exit mobile version