Election Date will be Announced Tomorrow at 3 pm:কাইলৈ দিনৰ ৩ বজাত ঘোষণা হ’ব নিৰ্বাচনৰ দিন

নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল, নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ দেশত বলৱৎ হ’ব নিৰ্বাচনী আচৰণবিধি

eci 1

Election Date will be Announced Tomorrow at 3 pm:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই শনিবাৰে ঘোষণা হ’ব লোকসভা আৰু কেইখনমান ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ৷বিয়লী তিনি বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰি ঘোষণা কৰিব নিৰ্বাচনৰ দিন

আনহাতে,কাইলৈ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ দেশত বলৱৎ হ’ব নিৰ্বাচনী আচৰণবিধি ৷ কেইবাটাও পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন

উল্লেখ্য যে,অসমত এটা পৰ্যায়তে নিৰ্বাচন সম্পন্ন কৰাৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অসমত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগৰ ওচৰত আবেদন জনাইছিল ৷

Exit mobile version