Fraud Aarested In Guwahati:মহানগৰ আৰক্ষীৰ জালত ধুৰন্ধৰ প্রৱঞ্চক- ব্যৱসায়ী বনজিৎ বৰ্মন

ৰাজনৈতিক নেতাৰ নাম লৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ১০০ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ

fourd 1

Fraud Arrested In Guwahati:

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হ’ল এজন ধুৰন্ধৰ প্রৱঞ্চক– ব্যৱসায়ীৰ ক্ষেত্ৰত ৷
ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ৰাজনৈতিক নেতাৰ নাম লৈ বহু লোকৰ পৰা অতি কৌশলৰে লুটিছিল প্ৰায় ১০০ কোটি টকা ৷

বনজিৎ বৰ্মন নামৰ মহাপ্ৰৱঞ্চকজনৰ বিৰুদ্ধে গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন থানাত ৰজু আছে বহু গোচৰ ৷

‘মষ্ট ওৱানটেড’ বনজিতক শুক্ৰবাৰে বিশেষ সূত্ৰৰ পমখেদি চানমাৰি আৰক্ষীয়ে মহানগৰীৰ চুপাৰ মাৰ্কেটৰ জি এন আৰ চিৰ সমীপৰ পৰা অতি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে ধৃত বনজিতক অধিক তথ্যৰ বাবে চানমাৰি আৰক্ষীয়ে জেৰা চলাইছে ৷

Exit mobile version