Guwahati Fake Note With Paddlar Arreested: গুৱাহাটীৰ ভাড়াঘৰত ছপা হৈছে ৫০০ টকীয়া নকল নোট

নকল টকা প্ৰিণ্ট কৰা এটা অত্যাধুনিক মেচিনসহ দুজন লোকক গ্ৰেপ্তাৰ এছ টি এফৰ

fake note

Guwahati Fake Note With Paddlar Arreested:

উত্তৰ -পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী শেহতীয়াকৈ জালনোট সৰবৰাহৰ কৰিডৰ হৈ পৰিছে ৷ মহানগৰীৰ মাজমজিয়াৰ পৰাই নিয়ন্ত্রণ হৈছে নকল টকাৰ ভয়ংকৰ এটা চক্ৰ। এই চক্ৰটোৱে বিভিন্ন সৰবৰাহকাৰীৰ জৰিয়তে বজাৰত মেলি দিয়া হৈছে নকল পাঁচশ টকীয়া নোট ৷

লখিমপুৰৰ বঙালমৰাৰ পৰাই পোনপটীয়াকৈ এই কাৰবাৰ চলি আহিছিল যদিও শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ভাড়াঘৰত নকল নোট প্ৰিন্ট কৰি বজাৰত মেলি দিয়া হৈছে ৷

মহানগৰ আৰক্ষীয়ে এই চক্ৰটোক সমুলঞ্চে উৎখাত কৰিবৰ বাবে অভিযান অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে অসম আৰক্ষীৰ এচ টিএফে গোপন সূত্ৰৰ পমখেদি পূব শৰণীয়াৰ এটা ভাড়াঘৰত অৰ্তকিতে অভিযান চলাই জাপে জাপে নকল টকা প্ৰিণ্ট কৰা এটা ৰঙা ৰঙৰ অত্যাধুনিক মেচিনসহ উদ্ধাৰ কৰে কেইবা হাজাৰ টকাৰ নকল টকা। জালত পৰে চক্ৰটোৰ দুজন কুখ্যাত সদস্য ৷ তেওঁলোকৰ নাম বঙাইগাঁওৰ দেৱৰাজ কৰ্মকাৰ (৩০)আৰু লখিমপুৰ বিহপুৰীয়াৰ চাইফউদ্দীন সুজা (৩২) ।

উল্লেখ্য যে ,দীৰ্ঘদিন ধৰি মহানগৰীৰ পূব শৰণীয়াৰ এটা ভাড়াঘৰত ভাৰাতীয়াকৈ থকা লখিমপুৰ আৰু বঙাইগাঁঁৱৰ নকল নোট প্ৰস্তুত কৰা চক্ৰটোৱে অত্যাধুনিক প্ৰিন্টাৰত নকল নোট প্ৰস্তুত কৰি গুৱাহাটীৰ ভিন্ন প্ৰান্তত সংগোপনে মেলি দিছিল ৷

এছ টি এফৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা দলটোৱে চানমাৰিৰ পৰাই ৰেকেট চলাই থকা দুই ধৃত সৰবৰাহকাৰীৰ পৰা জব্দ কৰে কেতবোৰ আপত্তিজনক সামগ্ৰী সহ ৫০০ টকীয়া জাল নোট ৷ ইতিমধ্যে চক্ৰটোৰ দুই সদস্যক চানমাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা

Exit mobile version