AAP Vice-President And Spokesperson Resign:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম আপত খহনীয়া

উপ- সভাপতি আৰু মুখপাত্ৰৰ দলত্যাগ,বিজেপিত যোগদান

bjp join

AAP Vice-President And Spokesperson Resign:

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম আপত খহনীয়া ৷ দলটোৰ অসম ৰাজ্যিক কমিটিৰ উপ- সভাপতি জিতুল ডেকা আৰু মুখপাত্ৰ সুশান্ত নাথে দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে ৷

আনহাতে দুই পদত্যাগী নেতাই আজি অসম বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসচীত বিজেপিত যোগদান কৰে ৷

উল্লেখ্য যে ,আজি এই যোগদান অনুষ্ঠানতে গোলাঘাট জিলা কংগ্ৰেছৰ পদত্যাগী সভাপতি দাদু টাই আৰু গোলাঘাট কংগ্ৰেছৰ সম্পাদক মনোজ বৰুৱাই গেৰুৱা বসন পৰিধান কৰে ৷

যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,সাংসদ পল্লৱলোচন দাস ,বিধায়কদ্বয় নৱ দলে আৰু ৰূপজ্যোতি কুৰ্মী  সহ বহু কেইজন নেতা উপস্থিত থাকে ৷

Exit mobile version