Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Election Bond Revealed its Nature:নির্বাচনী বণ্ডে স্বৰূপ উদঙালে

#প্রাঞ্জলসেন ডেকা

publisher by publisher
March 18, 2024
in India, News
Reading Time: 4 mins read
0
Prime Minister Narendra Modi arrives in Assam on a two-day visit:দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
1
SHARES
8
VIEWS
ShareShareShareShare

Election Bond Revealed its Nature:নির্বাচনী বণ্ডে স্বৰূপ উদঙালে

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

নির্বাচনী বণ্ডৰ প্ৰসংগই আসন্ন লোকসভা নির্বাচনত কেনে প্রভাৱ পেলায় সেয়া এই পর্যন্ত স্পষ্ট নহ’লেও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুর্নীতি বিৰোধী ভূমিকাক লৈ যে ই এক বৃহৎ প্রশ্নচিহ্ন আনি দিলে তাক অস্বীকাৰ কৰাটো কঠিন। ২০১৪ত বিপুল জয়লাভৰ পাছত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণৰ প্ৰাকক্ষণত ঘোষণা কৰা ‘না খাউংগা, না খানে দুংগা’ (নাখাওঁ আৰু খাবলৈ নিদিওঁ) ধ্বনিয়ে দেশজুৰি মোদীৰ ব্যক্তিগত এক দৃঢ় ভাবমূর্তি গঢ়ি তোলাত সহায় কৰিছিল।

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

ECI:ৰেডিশ্ব’ন ব্লু’ত ৰাজ্যৰ ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

২০১৭ত নির্বাচনী পুঁজিলৈ স্বচ্ছতা আৰু পাৰদৰ্শিতা অনাৰ বৃহৎ দাবীৰে মোদী চৰকাৰে এই নির্বাচনী বণ্ডৰ প্ৰচলন কৰিছিল। অন্যান্য বিষয়ৰ দৰেই নির্বাচনী বণ্ডৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ লগতে উপকাৰিতাক লৈও কেন্দ্রীয় মন্ত্রী তথা শাসক দলৰ নেতাসকলে দৃঢ়তাৰে প্ৰচাৰ চলাই আহিছে। ইচ্ছুক ব্যক্তি-প্রতিষ্ঠানে ভাৰতীয় স্টেট বেংকৰ পৰা এনে বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক বৰঙণি আগবঢ়াব পাৰে।

ইয়াত দাতাৰ নাম গোপনে ৰখা হয়, যাৰ ফলস্বৰূপে কোনে কোনটো দলক কিমান পৰিমাণৰ বৰঙণি প্ৰদান কৰিলে তাক জনাটো সাধাৰণ নাগৰিকৰ পক্ষে সম্ভৱ নহয়। অৱশ্যে এই সমগ্ৰ ব্যৱস্থাটোক অস্বচ্ছ আৰু শাসক দলৰ বাবেহে বৰঙণি আদায়ৰ মাধ্যমৰূপে অভিহিত কৰি ইয়াক বতিলৰ বাবে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত দৃষ্টি ৰাখি অহা স্বেচ্ছাসেৱী সংস্থা, বিৰোধী ৰাজনৈতিক দল আৰু সচেতন ব্যক্তি-সংগঠন সৰৱ হৈ আহিছে। চিৰাচৰিতভাৱে কেন্দ্ৰীয় চৰকাৰে তেনে দাবী-প্রতিবাদক আওকাণ কৰি নিজৰ স্থিতিত অটল থকাই নহয়, এই সময়ছোৱাত হেজাৰ হেজাৰ কোটি টকা এই বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰিছে।

sbi bonsএকাধিক পক্ষই দাখিল কৰা অবেদনৰ বিগত কে’বাবছৰ ধৰি অব্যাহত ৰখা শুনানিৰ অন্তত যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে এই নির্বাচনী বণ্ডক অবৈধ আৰু অসাংবিধানিক আখ্যা দি বাতিল কৰে। লগতে ইয়াৰ সকলো তথ্য ৰাজহুৱা কৰিবলৈ ভাৰতীয় স্টেট বেংক আৰু নির্বাচন আয়োগক নির্দেশ দিয়ে। ইয়াৰ পাছতে সমগ্ৰ বিষয়টোৱে এক নতুন মোৰ লয়। যেন ই জোলোঙাৰ মেকুৰীহে উলিয়াই দিলে।

সর্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতো নির্বাচনী বণ্ডৰ জৰিয়তে কোন কৰ্প’ৰেট গোষ্ঠীয়ে কোন দলক কেতিয়া আৰু কিমান পৰিমাণৰ বৰঙণি আদায় দিলে, তাক প্ৰকাশৰ পৰা বিৰত ৰাখিবলৈ শেষ পর্যন্ত বিভিন্ন ধৰণে অপচেষ্টা অব্যাহত ৰখাটো দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ এনে কূট কৌশলৰ আঁৰত কাৰ হাত আছে, তাক বুজিবলৈ অসুবিধা নহয়।

লক্ষ্যণীয় যে নির্বাচনী বণ্ডৰ তথ্য প্রকাশ কৰিবলৈ এছবিআয়ে চাৰিমাহ সময় বিচাৰি ন্যায়ালয়ত আবেদন দাখিল কৰে। উল্লিখিত তথ্য যুগুতাবলৈকে এইখিনি সময়ৰ প্ৰয়োজন বুলিও বেংকে উল্লেখ কৰে, কিন্তু এছবিআইৰ আবেদনতে স্পষ্ট হয় যে সমগ্র তথ্য বেংকৰ হাততে মজুত আছে। দৰাচলতে আসন্ন লোকসভা নির্বাচনত চৰকাৰ আৰু শাসক দল নির্বাচনী বণ্ডৰ প্ৰসংগক লৈ যাতে কোনো প্রশ্ন অথবা প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া নহয়, সেই উদ্দেশ্যেই এছবিআয়ে তথ্য দাখিলৰ বাবে চাৰিমাহ সময় বিচাৰে, যাতে ইতিমধ্যে নির্বাচন পাৰ হৈ যায়। কিন্তু বিচাৰপীঠে এইক্ষেত্রত দৃঢ় স্থিতি গ্রহণ কৰি ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ তথ্য দাখিলৰ নিৰ্দেশ দিয়ে।

দুদিন পূর্বে চাৰিমাহ সময়ৰ প্ৰয়োজন হোৱা বুলি কোৱা এছবিআয়ে এই নির্দেশৰ পাছদিনাই নির্বাচনী বণ্ডৰ সমুদায় তথ্য দাখিল কৰে। এই ঘটনাই দেশৰ সৰ্ববৃহৎ বেংকটোৰ চৰিত্ৰ উদঙাই দিয়াই নহয়, ইয়াৰ ঐতিহ্যতো আঘাত হানিলে। তাৰ পাছতো এছবিআয়ে প্রতিটো বণ্ডৰ বিপৰীতে থকা আলফা নিউমাৰিক সংখ্যাটো উল্লেখ কৰাৰ পৰা বিৰত আছে, যাতে কোন ৰাজনৈতিক দলক কোনটো ক্রমিক নম্বৰৰ বণ্ডৰ জৰিয়তে কেতিয়া আৰু কিমান পৰিমাণৰ বৰঙণি আদায় দিয়া হৈছে, তাক স্পষ্ট ৰূপত জানিব পৰা নাযায়।

ইয়াকে লৈ এছবিআই পুনৰ উচ্চতম ন্যায়ালয়ৰ ভর্ৎসনা আৰু কঠোৰ নিৰ্দেশৰ সন্মুখীন হৈছে। আশা কৰা হৈছে, ন্যায়ালয়ৰ শেহতীয়া নির্দেশমর্মে বেংকে অহা সোমবাৰে সকলো তথ্য দাখিল কৰিব। দেশবাসীকে নহয়, স্বয়ং সর্বোচ্চ ন্যায়ালয়কো এনেদৰে বাৰে বাৰে প্ৰতাৰণা কৰিবলৈ অপচেষ্টা চলোৱা এছবিআইৰ বিৰুদ্ধে বিচাৰপীঠে কি পদক্ষেপ লয়, তালৈ সকলোৱে বাট চাইছে।

এই কথা ঠিক যে এছবিআইৰ এনে দুর্ভাগ্যজনক কাণ্ডই অৱশেষত মোদী চৰকাৰলৈকে দুর্নাম কঢ়িয়াই আনিছে। নির্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা বৰঙণিক লৈ যে মোদী চৰকাৰৰ লুকুৱাবলগীয়া বহুত আছে, সেয়া এই ঘটনাৱলীয়ে স্পষ্ট কৰি দিছে। ইতিমধ্যে প্রকাশ পাইছে যে একাংশ প্ৰতিষ্ঠানৰ শ শ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয়ৰ আঁৰত ইডি, চিবিআই, আয়কৰ আদি কেন্দ্ৰীয় সংস্থাৰ ৰহস্যজনক ভূমিকাও জড়িত হৈ আছে।

অর্থাৎ এনেবোৰ কেন্দ্ৰীয় সংস্থাৰ তালাচী অভিযান অথবা তদন্ত প্ৰক্ৰিয়াৰ পাছতে অধিকাংশ কোম্পানীয়ে বণ্ড ক্রয় কৰিছে। এনেবোৰ বণ্ডৰ জৰিয়তে শাসক দল বিজেপিয়েই বৰঙণি লাভ কৰিছিল বুলি ইংগিত দিয়া হৈছে। গতিকে তাৰ লগে লগে প্রশ্ন উত্থাপিত হৈছে যে বিভিন্ন বিত্তীয় অনিয়ম তথা প্ৰৱঞ্চনা আদিৰ দৰে গুৰুতৰ অভিযোগ থকা প্রতিষ্ঠানক শাসক দলক বৰঙণি আদায়ৰ বাবে কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে ব্লেকমেইলিং কৰা হৈছিল নেকি ?

আনহাতে, এনেদৰে শ শ কোটি টকাৰ বৰঙণি আদায়ৰ পাছতে সংশ্লিষ্ট প্রতিষ্ঠানসমূহৰ অভিযোগক লৈ চলি থকা তদন্তৰ প্ৰক্ৰিয়াই গেঠেলা মাৰিছিল নেকি; অন্যথা সেইসকল শাস্তিৰ সন্মুখীন হোৱা নাই কিয়?

ইয়াৰ বিপৰীতে আন একাংশ প্রতিষ্ঠানে নির্বাচনী বণ্ড ক্ৰয়ৰ আগে-পাছে বৃহৎ বৃহৎ প্ৰকল্পৰ ঠিকা লাভ কৰাটোও পোহৰলৈ আহিছে। আনকি উচ্চতম ন্যায়ালয়েও নির্বাচনী বণ্ডৰ জৰিয়তে লেন দেনৰ প্ৰসংগ উত্থাপন কৰাটো লক্ষ্যণীয়। ইয়াৰ লগে লগে এই প্রশ্নও উত্থাপিত হৈছে যে বিভিন্ন গুৰুতৰ অভিযোগত তদন্তৰ সন্মুখীন হোৱা প্ৰতিষ্ঠানৰ পৰা এনেদৰে শশ কোটি টকাৰ বৰঙণি শাসক দলে গ্ৰহণ কৰাটো কিমান সমীচীন? ইয়াৰ জৰিয়তে সমগ্র ন্যায় ব্যৱস্থাটোকে ভেঙুচালি কৰা হোৱা নাইনে?

এনেদৰে নিৰ্বাচনী বণ্ডৰ আঁৰৰ ভয়াৱহ তথ্যসমূহ প্রকাশ পাবলৈ ধৰাৰ লগে লগে দুর্নীতি বিৰোধী ভাবমূৰ্তিৰ মুখা খুলি পৰা হেতুকে আন এক পৃথক কাহিনী গঢ়ি তুলিবলৈ শাসক পক্ষ জঁপিয়াই পৰিছে। এই পর্যন্ত প্রাপ্ত তথ্য অনুসৰি নিৰ্বাচনী বণ্ডৰ মুঠ বৰঙণিৰ ৬০ শতাংশৰ অধিক লাভ কৰিছে বিজেপিয়ে।

অথচ সম্প্রতি সামাজিক মাধ্যমৰ লগতে একাংশ প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ অযুক্তিকৰ ফর্মুলা দাঙি ধৰা হৈছে। এইবোৰৰ জৰিয়তে ইয়াকে প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা হৈছে যে কেন্দ্ৰৰ লগতে দেশৰ সৰ্বাধিক সংখ্যক ৰাজ্যত শাসনত থকা সর্ববৃহৎ দলৰূপে বিজেপিয়ে লাভ কৰা এনে বৰঙণি যথেষ্ট বেছি নহয়।

তাৰ বিপৰীতে মাত্র এখনকৈ ৰাজ্যত ক্ষমতাত অধিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দলেহে তুলনামূলকভাৱে অধিক বৰঙণি লাভ কৰিছে। সমুখত আহি পৰা নিৰ্বাচনত ক্ষতিৰ সম্মুখীন হোৱাৰ পৰা হাত সাৰিবলৈ বিজেপিয়ে ইতিমধ্যে সর্বশক্তি প্রয়োগ কৰিছে। অধিকাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে এক বৃহৎ অবৈধ আৰু অসাংবিধানিক চৰকাৰী ব্যৱস্থাক লৈ চর্চা অন্তর্ধান হৈ পৰিছে।

এনেদৰে সংগ্ৰহ কৰা পুঁজিৰেই যে বিজেপি সবাতোকৈ বিত্তশালী ৰাজনৈতিক দলত পৰিণত হৈছে তাক আৰু কোনেও নুবুজাকৈ থকা নাই। প্রতিটো সৰু-বৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী অভিযানলৈকে, যি বিপুল হাৰত বিজেপিয়ে ধন ব্যয় কৰি আহিছে, সেয়া বিগত দশকটোত দেশবাসীয়ে প্ৰত্যক্ষ কৰি আহিছে। ধনবলৰ জোৰতেই বিজেপিয়ে বহু যুঁজত জয়লাভ কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে।

সবাতোকৈ লক্ষ্যণীয় বিষয় হৈছে- উচ্চতম ন্যায়ালয়ৰ এনে এক সুদূৰ প্ৰসাৰী ঐতিহাসিক ৰায়দানৰ পাছতো প্রধানমন্ত্রী মোদীৰ তৰফৰ পৰা অথবা চৰকাৰীভাৱে কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই। এয়া কোনো বিৰোধী দল অথবা চৰকাৰৰ ভাষাত ‘আৰবান নক্সাল’ বা ‘দেশবিৰোধী’ ‘পাকিস্তানী’ শক্তিৰ কথা নহয়। স্বয়ং মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠৰ ৰায়; অথচ তাকো উপেক্ষা কৰা হৈছে। শাসনাধিষ্ঠিত দল অথবা ইয়াৰ চৰকাৰেহে কোনো ব্যক্তি- প্রতিষ্ঠানৰ বিৰুদ্ধে কেন্দ্রীয় সংস্থাক তালাচী অভিযানৰ অথবা তদন্তৰ নিৰ্দেশ দিব পাৰে। দিব পাৰে ঠিকা-ঠুকলি।

গতিকে তেনেবোৰ প্ৰতিষ্ঠানৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ বৰঙণি লাভ কৰা হেতুকে বিজেপি আৰু চৰকাৰত থকাসকল জবাবদিহি হ’ব নে বিৰোধী দল হ’ব লাগে? আনহাতে, যদিহে কম পৰিমাণত হ’লেও কংগ্রেছ অথবা আন বিৰোধী দলে অবৈধ উপায়েৰে বৰঙণি লাভ কৰিছে, তেন্তে আইনী ব্যৱস্থা গ্ৰহণৰ পৰা বিজেপি কিয় বিৰত আছে? আন দলৰ প্ৰসংগ টানি আনি অথবা তথ্য লুকুৱাবলৈ কূট-কৌশলৰ আশ্রয় লোৱাৰ পৰিৱৰ্তে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কাৰ পৰা কিমান বৰঙণি লাভ কৰিলে তাক দেশবাসীৰ সম্মুখত নিজেই প্রকাশ কৰিলেহে বিজেপি দুর্নীতি-ভ্রষ্টাচাৰৰ বিৰোধী বুলি দাবী কৰাৰ কিছু হ’লেও ভিত্তি থাকিলহেঁতেন।

এই কথা ইতিমধ্যে প্রতীয়মান হৈছে যে ভাৰতত দুর্নীতিৰ বিৰোধ ৰাজনৈতিক দল আৰু নেতাৰ শ্ল’গানতে আৱদ্ধ হৈ আছে। কোনে কিমান উচ্চস্বৰে আৰু দৃঢ়তাৰে সেই শ্ল’গান দিবলৈ সক্ষম হৈছে, সেয়াহে লক্ষ্যণীয়। কিয়নো এনে শ্ল’গানো দুর্নীতিৰ বৃহত্তৰ প্ৰক্ৰিয়াটোৰে একো একোটা অংশতে পৰিণত হৈছে।

অন্যথা নিজে দুর্নীতি বিৰোধী ভাও দি দেশৰ সবাতোকৈ দুর্নীতিগ্রস্ত নেতাসকলক আদৰি আনি বিজেপিয়ে বৰপীৰা পাৰি নিদিলেহেঁতেন। হেজাৰ হেজাৰ লাখ লাখ কোটি টকাৰ দুর্নীতিত নিমজ্জিত বুলি স্বয়ং প্রধানমন্ত্রীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰি সেইসকলক সাৰি যাবলৈ দিয়া নহ’ব বুলি সকীয়নি দিয়াৰ দুদিন পাছতে তেনে বিৰোধী নেতা বিজেপিত চামিল অথবা সহযোগী হোৱাৰ লগে লগে মহাপুৰুষত পৰিণত হৈছে।

মোদীয়েই আগভাগ লৈ তেনে ভ্রষ্টাচাৰী নেতাক ক্ষমতাৰ অংশীদাৰ কৰাৰ লগতে দুর্নীতিৰ গোচৰৰ পৰাও ৰেহাই দিছে। সবাতোকৈ দুর্ভাগ্যজনক ঘটনা হৈছে ইডি-চিবিআই আদিক ব্যৱহাৰ কৰা হৈছে কেৱল বৰঙণি আদায় অথবা ৰাজনৈতিক অংক মিলাবলৈহে। সেই বাবেই চৰকাৰী তথ্য অনুসৰি ইডিৰ দ্বাৰা তদন্ত কৰা গোচৰৰ মাত্র ৫ (দশমিক পাঁচ) শতাংশ গোচৰতহে অভিযুক্ত দোষী সাব্যস্ত হৈছে;

অর্থাৎ শূন্য বুলিলেও ভুল কৰা নহয়। এনেবোৰ ঘটনাই প্রধানমন্ত্রে মোদীৰ দুর্নীতিবিৰোধী শ্ল’গানক যে ক্রমান্বয়ে দুর্বল কৰি পেলাইছে সেয়া আৰু লুকাই থকা নাই। সেই বাবেই নিজে দৃঢ়তা প্ৰদৰ্শন কৰি আহিলেও ইতিহাস মোদীৰ প্ৰতি অন্ততঃ এই ক্ষেত্রত যথেষ্ট সদয় হ’ব বুলি আশা কৰিব নোৱাৰি।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesECIElection Bond Revealed its NatureElection BondsPM ModiPranjalsen DekaSBISupreme Court
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d