Prices Of Essential Life-Giving Medicines will Go Up From April:১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম

৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব,তীব্ৰ প্ৰতিক্ৰিয়া

medicine

Prices Of Essential Life-Giving Medicines will Go Up From April:

ৰাইজৰ ওপৰত পুনৰ ৰামটাঙোন ৷ লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ মূল্য এশটকা আৰু প্ৰতিলিট পেট্ৰল- ডিজেলৰ মূল্য দুটকাকৈ হ্ৰাস কৰি ৰাইজক সাময়িক সকাহ দিছিল যদিও ভুতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ যেন এক ৰামটাঙোন পৰিব সৰ্বসাধাৰণ জনতাৰ ওপৰত ৷

এবিধ- দুবিধ নহয় আঠশবিধ অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ দাম একেলগে বৃদ্ধি পাব অহা ১ এপ্ৰিলৰ পৰা ৷

উল্লেখ্য যে,যি ঔষধ অবিহনে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ এটা মিনিটো অতিবাহিত কৰিব নোৱাৰে ৷ তেনে অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ এই ঔষধৰ ভিতৰত বিষনাশক,এন্টিবায়টিক( পেৰাচিটেমল) সহ আঠ শতাধিক অত্যাৱশ্যকীয় দৰৱ ৷

মনকৰিবলগীয়া যে,২০২২ বৰ্ষত বহু কেইবিধ দৰৱৰ দাম ১০ শতাংশ,২০২৩ ত ১২ শতাংশ আৰু শেহতীয়াকৈ চলিতবৰ্ষত পুনৰ দাম বৃদ্ধিৰে ৰাইজক মাধমাৰ সোধাবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে ৷ পূবৰ দামৰ বোজা ৰাইজে বহন কৰি থাকোতেই পুনৰ দাম বৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ যেন আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব সেইয়া ধুৰুপ ৷

Exit mobile version