Three prisoners escaped from Tezpur Central Jail:তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন তিনি হাজোতীৰ

নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি নিশাই পলায়ন, তেজপুৰ সদৰ থানাত এজাহাৰ কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষকৰ

tezpur

Three prisoners escaped from Tezpur Central Jail:

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত অঘটন ৷ নিশা নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি পলায়ন তিনি কুখ্যাত হাজোতীৰ ৷ পলায়ন কৰা হাজোতী কেইটা হ’ল জেহেৰুল ইছলাম,তুলেশ্বৰ তাঁতী আৰু ইন্দ্ৰজিত মণ্ডল ৷

এনডিপিএছ গোচৰত আটকাধীন তিনি হাজোতী আছিল কেন্দ্ৰীয় কাৰাগাৰৰ ১২নং ৱাৰ্ডত ৷

উল্লেখ্য যে,দুজন হাজোতীৰ ঘৰ থেলামাৰাৰ বিপৰীতে আন এজনৰ ঘৰ পশ্চিমবংগত ৷

তিনি অপৰাধীৰ বিৰুদ্ধে চাৰিদুৱাৰ,থেলামৰা আৰু মিছামাৰিত ৰজু আছিল বহু কেইটা অপৰাধমূলক গোচৰ ৷

উল্লেখ্য যে,নিশা কাৰাগাৰৰ হাজোতী সকলক ৰেজিষ্টাৰ কৰাৰ সময়ত তেওঁলোকৰ অনুপস্থিতি অৱগত হয় কাৰাগাৰ কৰ্তৃপক্ষ ৷

ইতিমধ্যে কাৰাগাৰৰ অধীক্ষকে হাজোতী তিনিজনৰ পলায়ন সন্দৰ্ভত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

আনহাতে ,তিনিজনকৈ হাজোতীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন সন্দৰ্ভত গুৱাহাটীস্থ কাৰাগাৰ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া তেজপুৰত উপস্থিত হৈছে ৷

ইপিনে,হাজোতী কেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে যদি কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

Exit mobile version