BJP Leader Congress Joining:বিজেপি এৰিলে বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ

যোগদান কৰিব কংগ্ৰেছত

aminul

BJP Leader Congress Joining:

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিভিন্ন দলৰ নেতা- কৰ্মী ইটো দলৰ পৰা সিটো দললৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে বিজেপি দল ত্যাগ কৰে ৷ নেতা গৰাকী বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক আছিল ।

উল্লেখ্য যে,পদত্যাগী বিজেপি নেতাজনে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজিৱ ভৱনত এপিচিচিৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙ আৰু ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত |

Exit mobile version