Scam:দিছপুৰৰ আশীৰ্বাদত লুণ্ঠনকাৰী নূপুৰ সাহা বাহিনীকে শ শ কোটি

অংগনৱাড়ীৰ অসহযোগৰ সময়তো খাদ্য যোগান ধৰা দেখুৱাই লুণ্ঠন

anganwari centre

Scam:

শিশু আৰু গৰ্ভৱতী মহিলাক পুষ্টিকৰ খাদ্য যোগান ধৰি অহা অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলে ন্যায্য প্রাপ্তিৰ দাবীত যোৱা প্রায় এমাহ ধৰি ৰূপায়ণ কৰি অহা অসহযোগ কার্যসূচীক একাংশ বিভাগীয় বিষয়া আৰু ঠিকাদাৰে সোণৰ কণী পৰা হাঁহৰ দৰে ব্যৱহাৰ কৰিলে। অংগনৱাড়ী কর্মী-সহায়িকাই অসহযোগ কার্যসূচী চলাই থকাৰ সময়ছোৱাতো ‘ৰেডি টু ইট’ৰ জৰিয়তে খাদ্যৰ যোগানৰ নামতো দিছপুৰৰ আশীর্বাদপুষ্ট কেইজনমান নির্দিষ্ট ঠিকাদাবে ভয়াৱহ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বিভাগৰ বহী-কাগজত এই কথাও সন্নিবিষ্ট হৈছে যে অংগনৱাড়ী কর্মী-সহায়িকাই অসহযোগ কার্যসূচী ৰূপায়ণ কৰি থকাৰ ফলত প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা খাদ্যসমূহ সংগ্ৰহ কৰা হোৱা নাই। ফলত খাদ্যৰ পেকেটসমূহ প্রকল্প কার্যালয়তে নষ্ট হৈ গৈছে। ঠিকাদাৰ আৰু একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীৰ মতে যোৱা প্রায় এমাহ ধৰি অংগনৱাড়ী কর্মী-সহায়িকাই অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰি অহা সময়ছোৱাত পূৰ্বৰ দৰেই খাদ্য যোগান ধৰি অহা বুলি ভুৱা তথ্য প্রদর্শনৰ জৰিয়তে কোটি কোটি টকা আত্মসাতৰ গুৰুতৰ অভিযোগ উঠিছে।

বিগত কালছোৱাত বিভাগটোত লুণ্ঠন চলাই অহা কেইজনমান ঠিকাদাৰে অংগনৱাড়ী কর্মী-সহায়িকাৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰ সুযোগ গ্রহণ কৰি ‘ৰেডি টু ইট’ৰ খাদ্য যোগানৰ নামত ভুৱা তথ্যৰে কোটি কোটি টকা লুণ্ঠন কৰিছে।

উল্লেখ্য যে শিশু আৰু গর্ভৱতী মহিলাক খাদ্য যোগানৰ নামত নুপুৰ সাহা, মধুসুদন শ্বাহি আৰু ৰাজু ফুল ফগৰ নামৰ ঠিকাদাৰকেইজনে পশুৰো অখাদ্য যোগান ধৰি শশ কোটি টকাৰ লুণ্ঠন চলাই অহাৰ বিষয়ে চৰকাৰৰ শীর্ষ মহলো অবগত। এইকেইজন ঠিকাদাৰৰ বিভিন্ন ফার্মে যোগান ধৰি অহা খাদ্য শিশু বাদেই গৰুৱেও নাখায় বুলি স্বয়ং বিধানসভাৰ মজিয়াত আলোচনা হৈছিল।

সমান্তৰালভাৱে শিশুৰ মুখত খাদ্য তুলি দিয়া অংগনৱাড়ী কর্মী-সহায়িকাসকলেও একে তথ্য প্রকাশ কৰিছিল। ইমানৰ পাছতো উল্লিখিত ঠিকাদাৰৰ ফার্মকে বাৰে বাৰে খাদ্য যোগানৰ কোটি কোটি টকাৰ ঠিকা আৱণ্টন দি অহাৰ আঁৰত যে চৰকাৰৰ শীৰ্ষ মহলৰ আশীর্বাদেই ক্ৰিয়া কৰিছে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

বৰঞ্চ শেহতীয়াভাবে উল্লিখিত ঠিকাদাৰকেইজনকে অতিৰিক্তভাবে চাবালা আঁচনিৰ জৰিয়তে ৮০ কোটি টকাৰ ঠিকা আৱণ্টন দিয়া হয়।

Exit mobile version