Arun Govil, the Ram of ‘Ramayana’, could be the BJP’s Candidate in Meerut:মেৰঠত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে ‘ৰামায়ণ’ৰ ৰাম অৰুণ গোভিল

arun

Arun Govil, the Ram of ‘Ramayana’, could be the BJP’s Candidate in Meerut:

লোকসভাৰ আসন্ন নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্রহণৰ বাবে ইতিমধ্যে মনোনয়ন প্রক্রিয়া আৰম্ভ হ’ল। উত্তৰ প্ৰদেশৰ ২৪টা সমষ্টিৰ বাবে বিজেপিয়ে এতিয়াও প্রার্থী চূড়ান্ত কৰা নাই। চলিত সপ্তাহতে বিজেপিয়ে প্রার্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰাৰ সম্ভাৱনা আছে।

বিজেপিৰ এই তালিকাত একাধিক প্রার্থীৰ নামে নতুন চমক দিয়াৰ সম্ভাৱনা আছে। বিজেপিৰ এক সূত্রই দাবী কৰা অনুসৰি, মেৰঠ সমষ্টিত বিজেপিয়ে ‘ৰামায়ণ
ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলক প্রার্থিত্ব প্রদান কৰিব পাৰে ৷বৰ্তমানৰ সাংসদ মেনকা গান্ধীৰ পৰিৱর্তে মনোজ পাণ্ডেয়ক বিজেপিয়ে টিকট প্রদান কৰিব পাৰে। আনহাতে গাজিপুৰত অনুভৱ সিনহাক বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে।

কানপুৰত নিতু সিং আৰু সতীশ মহানা বিজেপিৰ সম্ভাব্য প্রার্থী হিচাপে চর্চিত হৈছে। একেদৰে ব্রজেশ পাঠক আৰু মালিনী অবস্থিও এই সমষ্টিৰ টিকটক দাবীদাৰ। পিলিভিটত বর্তমানৰ সাংসদ বৰুণ গান্ধীক টিকট বঞ্চিত কৰি বিজেপিয়ে মন্ত্রী জিতিন প্রসাদক সুযোগ দিব পাৰে। ৰাইবৰেলীত নূপুৰ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে ৷

অৱশ্যে সমষ্টিটোত সম্ভাব্য প্রার্থী হিচাপে মেৰঠ কেণ্টৰ বিধায়ক অমিত আগৰৱালৰ নামো চর্চিত হৈছে। মেৰঠত ধাৰাবাহিকভাৱে সাংসদ নির্বাচিত হৈ অহা ৰাজেন্দ্র আগৰৱালক এইবাৰ বিজেপিয়ে টিকট বঞ্চিত কৰিব বুলি সূত্রটোবে দাবী কৰিছে।

ইফালে, এলাহাবাদ সমষ্টিত উত্তৰ প্ৰদেশৰ মন্ত্রী নন্দ গোপাল নন্দীৰ পত্নী অভিলাষা নন্দীয়ে বিজেপিৰ প্রার্থিত্ব লাভ কৰিব পাৰে। এই সমষ্টিৰ আন এজন প্রার্থিত্বৰ শক্তিশালী দাবীদাৰ হৈছে সঞ্জয় মিশ্রা। সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰীতা বহুগুণা যোশীৰ টিকট কৰ্তনৰ সম্ভাৱনা আছে।

চুলতানপুৰ সমষ্টিত বৰ্তমানৰ সাংসদ মেনকা গান্ধীৰ পৰিৱর্তে মনোজ পাণ্ডেয়ক বিজেপিয়ে টিকট প্রদান কৰিব পাৰে। আনহাতে গাজিপুৰত অনুভৱ সিনহাক বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে। কানপুৰত নিতু সিং আৰু সতীশ মহানা বিজেপিৰ সম্ভাব্য প্রার্থী হিচাপে চর্চিত হৈছে।

একেদৰে ব্রজেশ পাঠক আৰু মালিনী অবস্থিও এই সমষ্টিৰ টিকটক দাবীদাৰ। পিলিভিটত বর্তমানৰ সাংসদ বৰুণ গান্ধীক টিকট বঞ্চিত কৰি বিজেপিয়ে মন্ত্রী জিতিন প্রসাদক সুযোগ দিব পাৰে। ৰাইবৰেলীত নূপুৰ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে ৷

Exit mobile version