Wife Victim of Cheating Husband:প্ৰৱঞ্চক স্বামীৰ প্ৰতাৰণা বলি পত্নী !

পত্নীৰ গোপন ফটো ছ'চিয়েল মেডিয়াত ফাইৰেল কৰা স্বামীৰ বিৰুদ্ধে গোচৰ পত্নীৰ

fourd

Wife Victim of Cheating Husband:

এজন ধুৰন্ধৰ প্ৰবঞ্চক স্বামী ৷ যিয়ে ধনৰ লোভত বিয়া পাতি পিছত পত্নীক কৰে প্ৰৱঞ্চনা ৷ নিজ পত্নীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ছ’চিয়েল মেডিয়াত কৰে ভাইৰেল ৷ ইতিমধ্যে ধুৰন্ধৰ স্বামীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত অৱশেষত কাষ চাপে দুৰ্ভগীয়া মহিলা গৰাকীয়ে । এই ঘটনা সংঘটিত হয় মহানগৰীত ৷ ইতিমধ্যে মহিলা ৷

স্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত পত্নীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে, শিৱসাগৰৰ ৰিকু আলী খান নামৰ যুৱকজনৰে প্ৰথমে প্ৰেম আৰু পৰৱৰ্তী সময়ত দুয়ো বিবাহবান্ধোনত বান্ধ খায় ৷

বিয়াৰ পিছৰে পৰা লম্পট স্বামীয়ে টকাৰ লোভত নিজ পত্নীৰ কিছু ফটো প্ৰেৰণ কৰে অন্য যুৱকলৈ ৷ একেদৰে ফেচবুক, ইনষ্টাগ্ৰামতো ভাইৰেল কৰিছিল ফটো ৷ তদুপৰি তেওঁৰ পৰা ১৫ লাখ টকা অতি কৌশলৰে আত্মসাৎ কৰে ৷

অন্য যুৱতী আৰু মহিলাৰে সম্পৰ্ক ৰক্ষা কৰা লম্পট স্বামী ৰিকু আলী খানৰ প্ৰতাৰণাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে ৰিকু আলী খান ৷

Exit mobile version