Heroin With Three Paddlar Arested in Guwahati:মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে এছ টিএফৰ অভিযানত ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

drugs 1

Heroin With Three Paddlar Arrested in Guwahati:

মহানগৰীত অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা গোপনে অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ ৷ ইতিমধ্যে এই বেহাৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি আহিছে অসম আৰক্ষীৰ এছটিএফে

এছটিএফে গোপন খবৰৰ ভিত্তিত মহানগৰীৰ কে’বাটাও স্থানত অৰ্তকিতে অভিযান চলাই তিনি সৰবৰাহকাৰীক হেৰ’ইন ভৰ্তি কণ্টেইনাৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হ’ল অমৰ প্ৰধান ,বিষ্ণু দলৈ, আৰু মানিক ৰাজবংশী ৷ তিনিওৰে পৰা ৫০ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ,নগদ পাঁচ হেজাৰ টকা সহ তিনিটা ম’বাইল জব্দ কৰে এছটিএফে ৷

ইতিমধ্যে অধিক তথ্যৰ বাবে তিনি ড্ৰাগছ সৰবৰাহকাৰীক এছটিএফে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version