Benjamin Removed As VCDC Chairman:টকাৰ ওপৰত শুই ফল পালে বেঞ্জামিন

ভিচিডিচিৰ অধ্যক্ষৰ পৰা অপসাৰিতৰ লগতে নিলম্বিত ইউপিপিএল দলৰ পৰা, বেঞ্জামীনক আটক  আৰক্ষীৰ :পাঁচশ টকাৰ ওপৰত শুই ফল পা

note

Benjamin Removed As VCDC Chairman:

পাঁচশ টকাৰ ওপৰত শুই ফল পালে ইউপিপিএলৰ কৰ্মী বেঞ্জামিন বসুমতাৰীয়ে ৷ ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী পাঁচশটকীয়া নোটৰ মোহত ইমানেই বলীয়ান হৈছিল যে পাঁচশটকীয়া নোট শৰীৰৰ বিভিন্ন স্থানত লগাই লৈ শুই পৰিছিল ৷

ইতিমধ্যে এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷ যাৰবাবে দলৰ ৰোষত পৰে বসুমতাৰী ৷ বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইউপিপিএলৰ পৰা অনিৰ্দিষ্টকাললৈ নিলম্বন কৰা হয় ৷

আনহাতে, বেঞ্জামিনক ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ পদৰ পৰাও অপসাৰিত কৰাৰ জাননী জাৰি কৰে বিটিচি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি বেঞ্জামীনক কোকোৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ৷

Exit mobile version