Uppl :ইউপিপিএল কৰ্মীৰ আজৱ কাণ্ড !

পাঁচশ টকীয়া নোটৰ ওপৰত শুৱে কৰ্মীয়ে, এই দৃশ্য ভাইৰেল সামাজিক মাধ্যমত, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে কিবা ক'বনে

note

Uppl :

লোকসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে শাসনাধিষ্ঠি বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ এজন কৰ্মীৰ কৰ্মকাণ্ডই সকলোকে হতচকিত কৰি তুলিছে ৷
যি কাম কৰিলে সেই দৃশ্য সততে দেখা পোৱা যায় উত্তৰ আৰু দক্ষিণ ভাৰতত ৷ কিন্ত এতিয়া এইখন অসমতে কৰিলে এজন ইউপিপিএলৰ কৰ্মীয়ে ৷

পাঁচশ টকীয়া খমখমীয়া নোটৰ ওপৰত শুই পৰিছে বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ দলৰ এজন কৰ্মীয়ে৷ নোটৰ ওপৰত শুই আপোন -পাহৰা হৈ পৰা কৰ্মীজন হ’ল ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী ৷ তেওঁ নোটৰ মোহত ইমানেই বলীয়ান যে পাঁচশটকীয়া নোট শৰীৰৰ বিভিন্ন স্থানত লগাই লৈছে ৷

ইতিমধ্যে বেঞ্জামিন বসুমতাৰীৰ এই আজৱ কাণ্ড সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছে ৷ উল্লেখ্য যে, বেঞ্জামিনৰ বিৰুদ্ধে আছে অলেখ দুনীৰ্তিৰ অভিযোগ ৷ এমজিএনৰেগা আৰু পিএম আৰ ৱাইৰ আঁচনিৰ নামত অহা ধন উদৰস্থ কৰাৰ অভিযোগ আছে ৷

উল্লেখ্য যে,বিটিএডিৰ তদানীন্তন চীফ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে দুনীৰ্তি অভিযোগ কৰি নিজে কোনো দিনেই দুনীৰ্তি নকৰো বুলি অংগীকাৰ কৰি বিটিআৰৰ শাসনভাৰ লোৱা প্ৰমোদ বড়ো দলৰ নেতা- কৰ্মীৰ এই কৰ্মকাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি থকাৰ মাজতে বিজেপিৰ মিত্ৰ দল ইউপিপিএলৰ নেতাৰ এই আজৱ কাণ্ড সন্দৰ্ভত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version