Arunachal Assembly Election:অৰুণাচলত বিধানসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য বিজেপি

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ দিশে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু সহ বিজেপি প্ৰাৰ্থী

ashok

Arunachal Assembly Election:

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য হৈছে বিজেপি ৷ আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত দুপৰীয়া পৰ্যন্ত পাঁচটাকৈ বিধান সভা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বিজেপি ৷

উল্লেখ্য যে,৬০ জনীয়া বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ আজি অন্তিম দিনটোত পাঁচটাকৈ সমষ্টিত দুপৰীয়া পৰ্যন্ত মাত্ৰ এখনকৈ মনোনয়নপত্ৰ দাখিল হয় ৷ আনহাতে দাখিল হোৱা আটাইকেইখন মনোনয়ন পত্ৰ বিজেপি প্ৰাৰ্থীৰ।

এনেক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু সহ পাঁচ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে।

ৰাজ্য বিধানসভাৰ মুক্তো সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু ,টালিৰ পৰা জিকে টাকু , টালিহাৰ পৰা ন্যাতুম ডকে আৰু ছাগালীৰ পৰা টেছি ৰ’ত’ৱেহে আৰু ৰয়িঙৰ পৰা মুছু মিথিয়ে, মনোনয়নপত্ৰ দখিল কৰাৰ বিপৰীতে কংগ্ৰেছ সহ বিৰোধীৰ কোনো এজন প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়নপত্ৰ ৷

আনহাতে,আন পাঁচটা সমষ্টিতো অনুৰূপ ধৰণে আন দলৰ প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল নকৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অহা ৩০ এপ্ৰিলত মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু এই দিনটোতে স্পষ্ট হ’ব বিজেপিৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱা প্ৰাৰ্থীৰ তালিকা ৷

আনহাতে,বুধবাৰে বিয়লি ভাগত অৰুণাচলৰ বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা অসমৰ গুৱাহাটী উন্নয়ণ মন্ত্ৰী অশোক সিংঘাল ইটানগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ড সহ ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাৰ স’তে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷

Exit mobile version