Number Of Political Parties Has Tripled in The Last Four Lok Sabha Elections:বিগত চাৰি লোকসভা নির্বাচনত তিনিগুণ বৃদ্ধি ৰাজনৈতিক দলৰ সংখ্যা

political party

Number Of Political Parties Has Tripled in The Last Four Lok Sabha Elections:

লোকসভাৰ নিৰ্বাচনত অংশ লোৱা ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। বিগত চাৰি লোকসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলৰ সংখ্যা তিনিগুণৰ অধিক বৃদ্ধি পালে। বিগত চাৰি লোকসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যাব যে নির্দলীয় বা ক্ষুদ্ৰ দলৰ প্ৰাৰ্থীৰ জয় অতি সীমিত হ’লেও দেশত নতুন ক্ষুদ্ৰ ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি অব্যাহত আছে।

প্রতি নির্বাচনত নির্দলীয় অথবা ক্ষুদ্র ৰাজনৈতিক দলে চাৰিৰ পৰা ছয় শতাংশ ভোট লাভ কৰি আহিছে । অৱশ্যে কিছুমান সমষ্টিত এনেবোৰ প্রার্থীয়ে বিজেপি আৰু কংগ্ৰেছৰ সমীকৰণ সলনি কৰি আহিছে। ১৯৯৯ ত দেশত নির্বাচনত অংশ লোৱাৰ ৰাজনৈতিক দলৰ সংখ্যা আছিল ৩১টা। ২০০৪ ত দলৰ সংখ্যা ২৬টালৈ হ্রাস পাইছিল। কিন্তু ২০০৯ৰ লোকসভাৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ সংখ্যা ৪০টালৈ বৃদ্ধি পাইছিল।

২০১৪ৰ লোকসভাৰ নিৰ্বাচনত ৫৭টা ৰাজনৈতিক দলে অংশ লৈছিল। আনহাতে, ২০১৯ৰ নিৰ্বাচনত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ৮০টালৈ বৃদ্ধি পাইছিল। নির্দলীয় আৰু অন্য ক্ষুদ্র দলে লোকসভাৰ নির্বাচনত ১৯৯১ত ১১.২৪, ১৯৯৬ত ১৭.৫, ১৯৯৮ত ৩.৩, ১৯৯৯ত ২.৫৪, ২০০৪ত ৬.২৯, ২০০৯ত ৬.৭, ২০১৪ত ৪.২২ আৰু ২০১৯ত ৪.৩১ শতাংশ ভোট লাভ কৰিছিল।

Exit mobile version