Rahul Gandhi Files Nomination Paper:ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা দাখিল কৰিলে মনোনয়ন

প্ৰিয়ংকা গান্ধীৰ স'তে বিশাল ৰোডশ্বৰে সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ যায় ছোনীয়া তনয়ে

rahul 1

Rahul Gandhi Files Nomination Paper:

বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা দাখিল কৰিলে মনোনয়ন ৷ বিশাল ৰ’ডশ্বৰে সমদল কৰি উপস্থিত হয় উপায়ুক্ত কাৰ্যালয়ত ৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে ভগ্নী প্ৰিয়ংকা গান্ধী সহ কে’বাজনো শীৰ্ষ কংগ্ৰেছ নেতাই ৷

মনোনয়ন দাখিলৰ পিছত চ’ছিয়েল মেডিয়াত ৰাহুল গান্ধীয়ে কয়,বৰ্তমানৰ লোকসভা আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ লগে লগে ৱায়ানাদৰ জনসাধাৰণৰ সৈতে থকা মোৰ বন্ধন সুদৃঢ় হ’ল বুলি উল্লেখ কৰে ।

তেওঁ আৰু কয় যে,ৱায়ানাড মোৰ ঘৰ, আৰু ৱায়ানাডৰ মানুহ মোৰ পৰিয়াল। তেওঁলোকৰ পৰা মই যোৱা পাঁচ বছৰত বহু কথা শিকিছো আৰু প্ৰচুৰ মৰম আৰু মৰম লাভ কৰিছো। অতি গৌৰৱ আৰু বিনম্ৰতাৰে মই এই সুন্দৰ ভূমিৰ পৰা পুনৰবাৰ লোকসভা ২০২৪ৰ বাবে মনোনয়ন দাখিল কৰিছো।’ এই নিৰ্বাচন ভাৰতৰ আত্মাৰ বাবে যুঁজ; ভাৰত মাতাৰ কণ্ঠ দমন কৰিব বিচৰা ঘৃণা, দুৰ্নীতি, অন্যায় শক্তিৰ পৰা আমাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ।’

Exit mobile version