Taiwan Earthquake:ভূঁইকঁপত কপি উঠিল টাইৱান !

তাচপাতৰ দৰে খহি পৰিল ৰাজধানী টাইপেই সহ পূৱ টাইৱানৰ বহু অট্টালিকা, সাতজনৰ মৃত্যু,আহত ৭৩০ জন, ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা আছিল ৭.৪

earthquke 1

Taiwan Earthquake:

টাইৱানত ভয়ংকৰ ভূমিকম্প ৷ বুধবাৰে পুৱাই টাইৱানৰ উপকূলীয় অঞ্চলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ৰাজধানী টাইপেই জোকাৰি যায়। শক্তিশালী ভূঁইকপত ৰাজধানী চহৰ টাইপেইত কপি উঠিল ওখ ওখ অট্টালিকা । আনহাতে ঠায়ে ঠায়ে বিদ্যুত যোগান বিচ্ছিন্ন হোৱাৰ লগতে ইন্টাৰনেট ব্যাহত হৈ পৰিছে ৷

উল্লেখ্য যে,২৫ বছৰৰ ভিতৰত দ্বীপ ৰাষ্ট্ৰ খন ৰাজধানী চহৰ সহ পূব প্ৰান্তত হোৱা এই ভূঁইকপত মৃত্যু হৈছে সাতজনকৈ লোক ৷ আহত হৈছে প্ৰায় ৭৩০ জন ৷ আনহাতে এই ভূঁইকপত বিধস্ত হোৱা ধ্বংসাৱশেষৰ মাজত বহুজন আবদ্ধ হৈ থকাৰ আশংকা কৰিছে প্ৰশাসনে ৷

ইতিমধ্যে টাইৱান চৰকাৰে আৱদ্ধ সকলক উদ্ধাৰ কৰিবৰ বাবে নিয়োগ কৰিছে সেনাৰ উদ্ধাৰকাৰী দল ৷ এই ভয়ংকৰ ভূঁইকপৰ পাছতে টাইৱান আৰু অকিনাৱা, দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণীৰে হাই এলাৰ্ট জাৰি কৰা হৈছে। যাৰবাবে চিন্তাম্বিত হৈ পৰিছে সংশ্লিষ্ট দেশ কেইখনৰ জনসাধাৰণ ৷

আনহাতে, ভূঁইকপ সন্দৰ্ভত টাইপেইস্থ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমক কয় যে এই ভূমিকম্পই দশক দশক ধৰি দ্বীপটোক জোকাৰি যোৱা আটাইতকৈ শক্তিশালী আছিল, আৰু আগন্তুক দিনত আৰু অধিক কঁপনিৰ সতৰ্কবাণী দিয়ে।

টাইপেইৰ কেন্দ্ৰীয় বতৰ প্ৰশাসনৰ ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৱু চিয়েন-ফুৱে কয় যে ভূমিকম্পটো স্থলভাগৰ ওচৰত আৰু ই অগভীৰ। সমগ্ৰ টাইৱান আৰু সাগৰৰ পাৰৰ দ্বীপসমূহত ইয়াক অনুভৱ কৰা হৈছে।

কঠোৰ নিৰ্মাণ নিয়ম আৰু দুৰ্যোগ সজাগতাই দ্বীপটোৰ বাবে এক বৃহৎ বিপৰ্যয় ৰোধ কৰা যেন লাগে, যিটো দ্বীপ দুটা টেকটনিক প্লেটৰ সংযোগস্থলৰ ওচৰত থকাৰ বাবে নিয়মিতভাৱে ভূমিকম্পৰ সৃষ্টি হয়। ফুৱে কয় যে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত দ্বীপটোৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগত প্ৰায় ২৪০০ লোকৰ মৃত্যু হোৱাৰ পিছত এই ভূমিকম্পটো আটাইতকৈ শক্তিশালী হিচাপে বিবেচিত হৈছে ।

Exit mobile version