Congress Manifesto Released:নতুন দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

২৫ টা গেৰাণ্টী সহ মহিলা,কৃষক আৰু যুৱকক আকৰ্ষণ কৰাকৈ বহু কেইটা আঁচনিৰ কথা উল্লেখ আছে

aicc

Congress Manifesto Released:

দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰাভিযান সকলো সৰু-বৰ দলে তীব্ৰতৰ কৰি তোলাৰ মাজতে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে শুক্ৰবাৰে নতুন দিল্লীত নিৰ্বাচনৰ বাবে প্ৰকাশ কৰে ইস্তাহাৰ ৷ কংগ্ৰেছ তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰক ‘ন্যায় পত্ৰ’বুলি উল্লেখ কৰে ৷

ইস্তাহাৰ খন আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে ৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিদ্বয় ছোনীয়া গান্ধী,ৰাহুল গান্ধী,কংগ্ৰেছ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল সহ কে’বাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতা

উল্লেখ্য যে,কংগ্ৰেছে আজি মুকলি কৰা ইস্তাহাৰত পাঁচটা ন্যায়ৰ কথা উল্লেখ কৰিছে ৷ সেই ন্যায় কেইটা হ’ল পাঁচটা ন্যায় ক্ৰমে ‘অংশীদাৰিত্বৰ ন্যায়’, ‘কৃষক ন্যায়’, ‘মহিলা ন্যায়’, ‘শ্ৰমিক ন্যায়’ আৰু ‘যুৱ ন্যায়৷ একেদৰে ২৫ টা গেৰাণ্টিৰো কথা উল্লেখ কৰা হৈছে ৷

আনহাতে ইস্তাহাৰত উল্লেখ কৰা মতে দলে দিল্লীৰ মনছদ দখল কৰিলে জাতি- জনগোষ্ঠীৰ আৰ্থিক,সামাজিক উৎকৰ্ষ সাধনৰ বাবে জাতি জনগণনা কৰাৰ লগতে সংৰক্ষণৰ ওপৰত ৫০ শতাংশ কেপ আতৰাৱ ৷

একেদৰে সংখ্যালঘুলোক সকলৰ সৰ্বাগীন উন্নয়নৰ বাবে তেওঁলোকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ লগতে মৌলানা আজাদ ছাত্ৰ বৃত্তি পুনৰ কাৰ্যকৰী কৰিব ৷ সংখ্যালঘু ৰাইজৰ স্বনিৰ্ভৰশীলতা বাবে সহজ ঋণ ব্যৱস্থা কৰিব ৷শিক্ষিত যুৱচামৰ চাকৰি নিশ্চিত কৰাৰ বাবে ত্ৰিশ লক্ষাধিক চাকৰি দিয়া হ’ব ৷

কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত এইটোও উল্লেখ কৰিছে যে নাগৰিকৰ গোপনীয়তা লাখৱ কৰা কুখ্যাত আইন সমূহ বিলুপ্তি ঘটোৱা হ’ব ৷ এমএনৰেগা অধীনত কাম কৰা শ্ৰমিকৰ নূন্যতম মজুৰি ৪০০ টকা কৰা হ’ব ৷ তদুপৰি এমএছ পি নিশ্চয়তাৰ কথাও উল্লেখ আছে ইস্তাহাৰ খনত।

Exit mobile version