Panchayat Elections In The State Soon:পূজাৰ পূৰ্বে বেলটত পঞ্চায়ত নির্বাচন

২১৯৭ গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ যোজা হোৱাৰ লগে লগে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ সাজু

p election

Panchayat Elections In The State Soon:

চলিত লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ অন্ত পৰাৰ পাছতে ৰাজ্যত আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। ইতিমধ্যে কার্যকাল উকলি যোৱা ৰাজ্যৰ পঞ্চায়তসমূহক পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে আগন্তুক দুর্গা পূজাৰ পূর্বেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আৰম্ভ হৈছে যো-জা। ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ স’তে যোগাযোগ সম্পন্ন কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে এই সম্পৰ্কত অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি অহা অক্টোবৰৰ পূৰ্বেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত আয়োগৰ ফালৰ পৰা সেউজ সংকেত দিছে।

আয়োগে স্পষ্টভাবে ৰাজ্য চৰকাৰক জনাই দিছে যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ সম্পূর্ণ ৰূপে সাজু। শেহতীয়াকৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগলৈ এখন পত্রযোগে আয়োগে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজনীয় সকলো আগতীয়া কাম- কাজ সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছে।
আগন্তুক পঞ্চায়ত নিৰ্বাচন বেলট বাকচৰ পৰিৱৰ্তে ইভিএমৰ জৰিয়তে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে পঞ্চায়ত আইনৰ সংশোধনীত উল্লেখ কৰিছিল যদিও বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ দৰেই বেলট কাগজৰ জৰিয়তে সম্পন্ন কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে সিদ্ধান্ত লৈছে।

অসম ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগ সম্পূর্ণরূপে সাজু। ইতিমধ্যে আয়োগে ৰাজ্য চৰকাৰক যথাসম্ভৱ শীঘ্রে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা বুলিও আয়ুক্তজনে সদৰী কৰিছে। কুমাৰে কয় যে আয়োগে অহা অক্টোবৰৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে যদিও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয় ভালেমান কাম বাকী আছে। এনে প্রয়োজনীয় কামসমূহ লোকসভা নির্বাচনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰণীয় কামসমূহৰ ভিতৰত অন্যতম হ’ল পঞ্চায়তৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ। যিহেতু ৰাজ্য চৰকাৰে ইতিপূর্বে কে’বাখনো উপ-জিলা ঘোষণা কৰিছে আৰু দেশৰ নিৰ্বাচন আয়োগেও ইতিপূর্বে বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিছে, সেয়েহে পুনৰ নিৰ্ধাৰিত লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ লগতে ঘোষিত নতুন উপ-জিলাসমূহৰ ভিত্তিত পঞ্চায়তৰ পৰিসৰ তথা সীমা সম্প্ৰসাৰণ আৰু পুনৰ নিৰ্ধাৰণ কৰাৰ পাছতহে নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব। চৰকাৰে পূজাৰ আগে-পাছে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে সৰ্বাধিক তৎপৰতা। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত আসন্ন নির্বাচনক লৈ স্বাভাৱিকতে আৰম্ভ হৈছে তৎপৰতা। বিভাগীয় এক শীর্ষ সূত্ৰৰ মতে, জুনৰ প্রথম সপ্তাহতে নির্বাচনী প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আৰম্ভ কৰিব পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম।

ইতিমধ্যে বিভাগটোৱে এই সম্পর্কীয় প্রস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজন হ’ব এক বৃহৎ অংকৰ ধন। কিন্তু চলিত বৰ্ষৰ বাজেটত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ যিহেতু বিশেষভাৱে কোনো পুঁজি আবণ্টন দিয়া হোৱা নাছিল, সেয়েহে আগন্তুক সময়ছোৱাত নিৰ্বাচনৰ বাবে প্রয়োজনীয় পুঁজিৰ আবণ্টন লাভ কৰাটোও বিভাগৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কৰ্মৰূপে বিবেচিত হৈছে।

ইফালে, চৰকাৰে বিধানসভাত ইতিমধ্যে সংশোধন ঘটোৱা পঞ্চায়ত আইনখনত সংযুক্ত কৰা নতুন দফাসমূহ কাৰ্যকৰীকৰণো বিভাগৰ বাবে হৈ পৰিছে আন এক বৃহৎ দায়িত্ব। বিভাগীয় সূত্ৰৰ মতে, চৰকাৰে পঞ্চায়ত আইনৰ সংশোধন ঘটাইছে যদিও আইনখনৰ নিয়মসমূহ এতিয়াও প্ৰৱৰ্তন কৰা নাই। গতিকে নির্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে আইনখনৰ বিধি প্ৰস্তুত কৰাটো আন এক অন্যতম গুৰুত্বপূর্ণ কর্মৰূপে চিহ্নিত হৈছে।
অক্টোবৰৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আগ্রহ প্রকাশ কৰি ইতিমধ্যে নির্বাচনী প্রস্তুতি আৰম্ভ কৰা ৰাজ্যিক নির্বাচন আয়ুক্ত কুমাৰে কয় যে সংশোধিত পঞ্চায়ত আইনত পঞ্চায়তসমূহত সংৰক্ষণ ব্যৱস্থাৰ ব্যাপক বদ-বদল ঘটোৱা হৈছিল। গতিকে নির্বাচন অনুষ্ঠিত কৰাৰ পূর্বে পঞ্চায়তৰ বিভিন্ন পদসমূহত থকা সংৰক্ষণৰ হাৰ নতুনকৈ নিৰ্ধাৰণ কৰি আয়োগক জনালেহে আয়োগে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰিব পাৰিব।

উল্লেখ্য যে ৰাজ্যখনত ৰ থকা ২১৯৭ খন গাঁও পঞ্চায়ত আৰু ১৮৫ খন আঞ্চলিক পঞ্চায়তৰ সংখ্যা সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও বৃদ্ধি নহয়। পঞ্চায়ত আইনৰ সংশোধনীত এই কথা স্পষ্ট কৰা হৈছে যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ভৌগোলিক ত পৰিসীমা সালসলনি হ’লেও পঞ্চায়তৰ সংখ্যা অপৰিৱৰ্তিত থাকিব।

সংশোধিত আইন অনুসৰি, এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ইভিএমৰ জৰিয়তে সম্পন্ন কৰিব লাগিছিল যদিও অহা শাৰদীয় দুর্গোৎসৱৰ সময়তে নির্বাচন অনুষ্ঠিত কৰিলে নির্বাচন আয়োগে কম সময়তে প্রয়োজনীয় ইভিএম যোগাৰ কৰাটো সম্ভৱপৰ নহ’ব। কুমাৰে জনোৱা মতে, নতুনকৈ ইভিএম ক্ৰয় কৰাৰ বাবে ইভিএমৰ আৰ্হি ইতিমধ্যে অনুমোদিত হৈছে যদিও ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সংখ্যক ইভিএম ক্ৰয় কৰাৰ বাবে পুঁজি সম্পর্কত কোনো কথা স্পষ্ট ৰ নকৰাত ইভিএম ক্ৰয়ৰ ক্ষেত্ৰত অগ্ৰসৰ হ’ব পৰা নাই আয়োগ।

আয়ুক্তজনে কয় যে এম-৩ ইভিএম ক্ৰয় কৰিবলৈ হ’লে এক বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হ’ব। ইফালে, প্রতিখন গাঁও পঞ্চায়তত থকা ভোট কেন্দ্ৰসমূহৰ বাবে কমেও ৩০ হেজাৰ ইভিএমৰ প্ৰয়োজন হ’ব। এই বৃহৎসংখ্যক ইভিএম ইমান কম সময়তে ক্রয় কৰাটোও সম্ভৱপৰ নহয়। সেয়েহে এ আয়োগে ইতিমধ্যে ৰাজ্য চৰকাৰক এই কথা অৱগত কৰি আগন্তুক পঞ্চায়ত নির্বাচন বেলট পেপাৰৰ জৰিয়তে সম্পন্ন কৰাৰ পোষকতা কৰিছে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ হাতত মজুত থকা প্রয়োজনীয় সংখ্যক বেলট বাকচৰ ১০-১৫ শতাংশ নতুনকৈ ক্ৰয় কৰিলে নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব।

উল্লেখ্য যে প্রায় দুসপ্তাহ পূর্বে পঞ্চায়ত নির্বাচন সন্দৰ্ভত নির্বাচন আয়োগৰ স’তে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ এক বৈঠক অনুষ্ঠিত হৈ গৈছে। আয়োগেও ইতিপূর্বে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে সমষ্টি পুনৰ নির্ধাৰণ, পঞ্চায়ত আইনৰ সংশোধনীৰ আনুষংগিক প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সৰ্বাধিক তৎপৰতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্রত্যাহাৰ হোৱাৰ লগে লগে পঞ্চায়তৰ সমষ্টি পুনৰ নির্ধাৰণকে ধৰি আনুষংগিক কাম-কাজসমূহ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। সকলো ঠিকে-ঠাকে থাকিলে পূজাৰ আগে-পাছে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি সদৰী কৰি ৰাজ্যিক নির্বাচন আয়ুক্তজনে স্পষ্টভাৱে কয় যে নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগ সম্পূর্ণৰূপে সাজু।

Exit mobile version