Char Dham Yatra Registration 2024:চাৰধাম যাত্ৰাৰ বাবে এদিনতে অনলাইন পঞ্জীয়ন দুই লক্ষাধিক ভক্তৰ

uttarkhand

Char Dham Yatra Registration 2024:

হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ চাৰধাম তীর্থযাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন প্রক্রিয়া মুকলি হ’ল। তীর্থযাত্ৰীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি হোৱাৰ প্ৰথম দিনটোতে চাৰধাম তীর্থযাত্ৰাৰ বাবে দুই লক্ষাধিক ভক্তই নিজৰ নাম পঞ্জীয়ন কৰালে।

যোৱাবাৰৰ চাৰৰ্ধাম তীর্থযাত্রাত দেশ-বিদেশৰ ৫৫ লাখৰো অধিক ভক্তই অংশ লৈছিল। এদিনতে এইবাৰ দুই লাখ ভক্তই এই পবিত্র তীর্থযাত্রাত অংশ ল’বলৈ নাম পঞ্জীয়ন কৰাত এইবাৰ ভক্তৰ সংখ্যাই নতুন অভিলেখ ৰচিব পাৰে বুলি ধাৰণা কৰা হৈছে।

চাৰধাম যাত্ৰাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ২,০১,৮৫১ তীর্থযাত্রীয়ে নাম পঞ্জীয়ন কৰালে। এইসকল যাত্ৰীৰ ৬৯,৫৪৩ জনে কেডাৰনাথ দৰ্শনৰ বাবে নাম পঞ্জীয়ন কৰালে।

Exit mobile version