Loksabha Election Dry Day:ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডে

তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৃথকে পৃথকে প্রযোজ্য হ'ব ড্রাই ডে,ভোট গণনাৰ দিনাও ড্রাই ডে

wine

Loksabha Election Dry Day:

স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্র প্রতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নির্বাচন সমষ্টিসমূহত নিৰ্বাচনৰ পৰ্যায় অনুসৰি ভোটগ্রহণৰ দিনকেইটাত ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডে ঘোষণা কৰিছে।

এই অনুসৰি অহা ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত ১৭ এপ্ৰিলৰ সন্ধিয়া পাঁচ বজাৰ পৰা ১৯ এপ্ৰিলৰ সন্ধিয়া পাঁচ বজালৈকে; ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়া পাঁচ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পাঁচ বজালৈকে; সাত মে’ত তৃতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত পাঁচ মে’ৰ সন্ধিয়া পাঁচ বজাৰ পৰা সাত মে’ৰ সন্ধিয়া পাঁচ বজালৈকে ড্রাই ডে ঘোষণা কৰা হৈছে।

আনহাতে, চাৰি জুনত ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত সমগ্র দিনটো ড্রাই ডে বাহাল থাকিব। কোনো সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো ভোটগ্রহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে প্রযোজ্য হ’ব।

ড্রাই ডে ঘোষণা হোৱা সময়খিনিত লোকসভা সমষ্টিত অন্তর্ভুক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্রী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নির্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠানত এই ড্রাই ডেৰ সময়ছোৱাত মদ বিক্রী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব।

তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা সুৰা মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আবকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্রবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।

Exit mobile version