NCHAC EM Manjit Naiding’s Brother kidnapped:ডিমা হাছাওত নিৰ্বাচনৰ পূৰ্বে অঘটন

NCHAC ৰ ইএম মনজিৎ নাইডিঙৰ ভাতৃক অপহৰণ, ২৬ এপ্ৰিলত হ'ব ভোটগ্ৰহণ

nchac

NCHAC EM Manjit Naiding’s Brother kidnapped:

ডিফু সংসদীয় সমষ্টিৰ অন্তগৰ্ত পাৰ্বত্য জিলা ডিমা হাছাওত অঘটন ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে নৰ্থ কাছাৰ হিলচ্ অটনমাছ কাউন্সিলৰ বিজেপিৰ নিৰ্বাচিত কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিঙত বিদ্ৰোহী সংগঠন ইউনাইটেড ডিমাছা লিবাৰেশ্বন আৰ্মি (UDLA)ৰ কেডাৰে থাইজুৱাৰীৰ নিজ বাসগৃহত চলি থকা বিবাহবাহৰৰ পৰা বৃহস্পতিবাৰে নিশা UDLA ৰ সদস্যই অজ্ঞাত স্থানলৈ লৈ যায় ৷

ইতিমধ্যে বিদ্ৰোহী সংগঠনটোৱে প্ৰসেনজিৎৰ চকুত কাপোৰ বান্ধি তেওঁলোকৰ জিন্মাত থকা অৱস্থাৰ এখন ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰিছে ৷

এই অপহৰণ কাণ্ডই জোকাৰি গৈছে পাবৰ্ত্য জিলা খনত । NCHAC ৰ চীফ দেৱলাল গাৰ্লোচাই সমস্ত বিষয়টোৰ সন্দৰ্ভত অতি তৎপৰতা দেখুৱাইছে ৷ হাফলঙত উচ্চপদস্থ আৰক্ষীৰে ঘনে ঘনে বৈঠকত মিলিত হোৱাৰ পিছতে অপহৰণকাৰীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ আনহাতে,প্ৰসেনজিৎ নাইডিংৰ দুৰ্ভগীয়া পৰিয়ালে হাফলং থানাত UDLA ৰ অপহৰণ কাণ্ডৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ

উল্লেখ্য যে, পাৰ্বত্য জিলা খনৰ সৰু-বৰ সকলো বিদ্ৰোহী সংগঠনে অস্ত্ৰ সমৰণ কৰি ইতিমধ্যে মুল সূঁতিলৈ ঘূৰি অহাৰ পিছত আৰু কোনো সংগঠন সক্ৰিয় হৈ থকা নাই বুলি আৰক্ষী কৰিছিল ঘোষণা ৷ এনেক্ষেত্ৰত ইএম ভাতৃক UDLA য়ে অপহৰণ কৰা কাৰ্যক লৈ আৰক্ষী হৈ পৰিছে উদ্বিগ্ন

Exit mobile version