Nomination Submit Bijuli Kalita Medhi in Guwahati:মহানগৰীৰ খানাপাৰাৰ পৰা বৃহৎ সমদলৰে মনোনয়ন দাখিল কৰিলে বিজেপি- মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে

bijuli 1

Nomination Submit Bijuli Kalita Medhi in Guwahati:

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি গুৱাহাটী মহানগৰীত বৃহৎ সমদলৰে আহি মনোনয়ন পত্র দাখিল কৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত। খানাপাৰা ভেটেনেৰী খেলপথাৰৰ পৰা গায়ন- বায়ন, বিহুৱা দল, বড়ো নৃত্যৰ দলৰ প্ৰদৰ্শনৰে পৰিবেষ্টিত হৈ বহু সহস্ৰাধিক সমথকৰে উলিয়াই বৃহৎ সমদল ৷

ADVERTISEMENT

ইয়াৰ পূৰ্বে খানাপাৰা ভেটেনেৰী খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশ লৈ উদাত্ত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোট গ্ৰহণৰ দিনা নিজৰ বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, বিজুলী কলিতা মেধিৰ এই বৃহৎ সমদলত সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্তমল্ল বৰুৱা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,হেমাংগ ঠাকুৰীয়া সহ গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত আটাই কেইগৰাকী বিজেপি – মিত্ৰজোঁটৰ বিধায়ক সকল ৷

Exit mobile version