Asom Kabi Samaj:কনকসেন ডেকাক অসম কবি সমাজৰ সম্বর্ধনা

asom kabi samaj

Asom Kabi Samaj:

ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ জ্যেষ্ঠ তথা দিগদর্শক নাগৰিকক সম্ভাষণ জনোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি অসম কবি সমাজ আৰু দিছপুৰ শাখা কবি সমাজে ৰাজ্যৰ প্ৰথিতযশা সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক সম্বর্ধনা জ্ঞাপনকৰে। কবি সমাজৰ বিষয়ববীয়াৰ এটা দলে ‘অগ্রদূত ভৱন’তঅনুষ্ঠিত এক অনুষ্টুপীয়া অনুষ্ঠানতবিশিষ্ট লেখক-প্রবীণ সাংবাদিক ডেকাক থুৰীয়া তামোল, গামোচা,কিতাপৰ টোপোলা আদিৰে সম্ভাষণ তথা বিহুৰ ওলগ জনায়।

এই অনুষ্ঠানত উপস্থিত থাকে অসম কবি সমাজৰ সম্পাদক প্রধান বৰ্ণালী বৰা বৈশ্য, পত্রিকা সম্পাদক দীপিকা খাউণ্ড, দিছপুৰ শাখা কবি সমাজৰ সভাপতি গায়ত্রী গোস্বামী, সাধাৰণ সম্পাদক অঞ্জলি দাস, সাংস্কৃতিক সম্পাদক সীমা দাস উপস্থিত থাকে। সম্বৰ্ধনা তথা বিহুৰ শুভেচ্ছা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক- সাহিত্যিক ডেকাই অসম কবি সমাজ আৰু দিছপুৰ শাখা কবি সমাজক ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version