Rahul Gandhi Will Contest in Amethi:আমেঠিত প্রার্থী হ’ব ৰাহুল !

ৱাইনাড়ৰ ভোটগ্রহণৰ পাছতে মনোনয়ন দাখিলৰ সম্ভাৱনা

rahul gandhi

Rahul Gandhi Will Contest in Amethi:

কংগ্রেছে লোকসভাৰ নিৰ্বাচনত উত্তৰ প্ৰদেশত ১৭ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে দলটোৱে ৰাজ্যখনত বাৰানসী, সীতাপুৰ,এলাহাবাদসহ কে’বাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। কিন্তু কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আমেঠি আৰু ৰাইবৰেলিত দলটোরে এতিয়ালৈকে প্রার্থীৰ নাম ঘোষণা কৰা নাই।

এই দুই সমষ্টিত কংগ্রেছে কাক প্রার্থী প্রক্ষেপ কৰিব তাক লৈ দেশজুৰি বিশেষ উৎকণ্ঠা অব্যাহত আছে। কংগ্ৰেছৰ এক সূত্ৰই ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অহা ২৭ এপ্রিলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেঠিত মনোনয়নপত্র দাখিল কৰিব পাৰে। আমেঠিৰ বাবে অহা ২৬ এপ্ৰিলৰ পৰা তিনি মে ‘লৈকে প্রার্থীয়ে মনোনয়নপত্র জমা দিব পাৰিব।

দৰাচলতে ৰাহুলে কেৰালাৰ ৱাইনাড় সমষ্টিৰ পৰা এইবাৰ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিত দ্বিতীয় পর্যায়ত অহা ২৬ এপ্রিলত ভোটগ্রহণ হ’ব। ২০১৯ৰ লোকসভাৰ নিৰ্বাচনত ৰাহুলে আমেঠিৰ লগতে ৱাইনাড়ত প্রতিদ্বন্দ্বিতা কৰিছিল আৰু আমেঠিত বিজেপিৰ প্রার্থী স্মৃতি ইৰানীৰ হাতত পৰাজিত হোৱাৰ বিপৰীতে ৱাইনাড়ত জয় সাব্যস্ত কৰিছিল।

কংগ্ৰেছৰ সূত্ৰটোৱে দাবী কৰা অনুসৰি ৱাইনাড়ৰ ভোটগ্রহণৰ পাছতহে আমেঠিৰ সন্দৰ্ভত কংগ্ৰেছে চূড়ান্ত সিদ্ধান্ত ল’ব। দলটোৰ সুত্রই লগতে কয় যে ৰাইবৰেলিতো কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।

Exit mobile version