RBI:ক্রেডিট কার্ডৰে একাধিক পেমেণ্টৰ সুবিধা হ’ব পাৰে বন্ধ

আৰবিআইৰ আপত্তি

rbi

RBI:

ক্রেডিট কার্ডৰ জৰিয়তে কৰা লেনদেনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ সিদ্ধান্ত লৈছে ভাৰতৰ ৰিজার্ভ বেংক (আৰবিআই)-এ।
অচিৰে আৰবিআয়ে ব্যক্তিগত নানা ধৰণৰ পেমেণ্টৰ ক্ষেত্ৰত ক্রেডিট কার্ডৰ ব্যৱহাৰ নিষিদ্ধ কৰিব পাৰে। বৰ্তমানৰ সময়ত বহু লোকে ক্রেডিট কাৰ্ডৰ জৰিয়তে ঘৰ বা দোকানৰ ভাড়া, ছ’চাইটি ফিজ, টিউচন ফিজ, ভেণ্ডৰ ফিজ আদি আদায় দি আহিছে। কিন্তু এই সুবিধা ক্রেডিট কার্ডৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰে আৰবিআয়ে। ক্রেডিট কার্ডব জৰিয়তে হৈ অহা এনেধৰণৰ বিত্তীয় লেনদেনৰ বিৰোধিতা কৰিছে আৰবিআয়ে।

কেন্দ্রীয় বেংকৰ মতে ক্রেডিট কার্ড তৈয়াৰ কৰা হৈছে যাতে ইয়াৰ ব্যৱহাৰকাৰীয়ে ব্যৱসায়ীৰ স’তে লেনদেন কৰিব পাৰে। ব্যক্তিগত বিত্তীয় লেনদেনৰ বাবে ক্রেডিট কার্ড তৈয়াৰ কৰা হোৱা নাই। আৰবিআয়ে লগতে কয় যে যদি গ্রাহক আৰু ব্যৱসায়ীৰ বাহিৰে আন কোনো ধৰণৰ লেনদেন কৰা হয়, তেন্তে ক্রেডিট কার্ডকে অর্থগ্রহণকাৰীয়ে এক ব্যৱসায়িক একাউন্ট খুলিব লাগিব। বিগত কেইবছৰমানৰ পৰা ক্রেডিট OF INDI কাৰ্ডৰ ধাৰকে ব্যক্তিগত ব্যয়ৰ বাবেও এই কার্ডৰ যথেষ্ট ব্যৱহাৰ অব্যাহত ৰাখিছে।

আৰবিআইৰ তথ্য অনুসৰি যোৱা ফেব্রুৱাৰীত ক্রেডিট কার্ডৰ মাধ্যমৰে দেশত প্রায় ১.৫ লাখ কোটি টকাৰ লেনদেন হৈছিল। এই ধনৰাশিৰ সিংহভাগে ব্যবহাৰ কৰা হৈছিল ঘৰভাড়া, টিউচন মাচুল আৰু ছ’চাইটি মাচুল আদায় দিয়াত।

Exit mobile version