MAZBAT CM BIJOY SANGKALPA SAMABESH:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

মাজবাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰিভাযান

mazbat image

MAZBAT CM BIJOY SANGKALPA SAMABESH:

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মাজবাটত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ওদালগুৰিৰ মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত বিশাল বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নাচি -বাগি ভাষণ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বিৰোধী কংগ্ৰেছ আৰু বিপিএফক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ । কটা হাতৰ কাম নাই ,নাঙলৰ দাম নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ । বৰ্তমান সময়ত মানুহে ট্ৰেক্টৰ ব্যৱহাৰ কৰে , নাঙল বিনা পৈচাতো নাঙল নলয় বুলি বিপিএফক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ । আজিৰ পৰা ১০ বছৰ আগৰ বড়োলেণ্ডৰ পৰিবেশৰ কথা সোঁৱৰাই দিয়ে হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, বড়োলেণ্ডত অনৱৰতে AK47ৰ গুলী-বাৰুদৰ শব্দ, ধৰ্না, বন্ধ আদিত অশান্তি বিৰাজ কৰিছিল ।

এতিয়া এই পৰিবেশ নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে । বিটিচিৰ শান্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ । সমষ্টিটোৰ পৰা দিলীপ শইকীয়া ৪ লাখকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুনোদয়, উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ,আয়ুছমান কাৰ্ড আদি আচঁনিৰ নাম মহিলা সকলৰ পৰা ঘোচ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে । ঘোচত নাৰিকলৰ লাড়ো, পিঠা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ শাসন কালত সাধাৰণ অংগনবাড়ীৰ চাকৰিৰ নামতো ৩-৪ লাখ টকা ঘোচ দিব লগা হৈছিল বুলি ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে অহা জুলাই মাহত আৰু ৫০ হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ । ইফালে মাজবাটৰ বিজয় সংকল্প সমাৱেশত ৰাইজৰ বিপুল সঁহাৰি দেখি বিটিচি প্ৰধান প্ৰমোদ বড়ো উৎসাহি হৈ ৪ লাখ ভোটত দিলীপ শইকীয়া জয়ী হোৱাৰ দাবী । বিটিআৰ বাসী ৰাইজে ভোটৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক কৃতজ্ঞতা জ্ঞাপন কৰিব বুলি প্ৰমোদ বড়োৱে মন্তব্য আগবঢ়ায় ৷

Exit mobile version