JD(U) Youth Leader Shot Dead in Bihar:বিহাৰত জে ডি ইউৰ যুৱ নেতাক গুলীয়াই হত্যা

jdu leader killed

JD(U) Youth Leader Shot Dead in Bihar:

শুক্ৰবাৰে অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিহাৰত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা

ৰাজধানী চহৰ পাটনাৰ পুনপুন নামৰ অঞ্চলত বুধবাৰে নিশা এখন বিয়াত অংশগ্ৰহণ কৰি গৃহাভিমুখী হোৱাৰ পথত জেডিইউৰ এজন যুৱ নেতা সৌৰভ কুমাৰক অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷

আনহাতে দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীত আহত হয় সৌৰভৰ এজন সংগী ৷ আনহাতে গুৰুত্বৰভাৱে আহত সৌৰভ কুমাৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে সৌৰভৰ সংগী মুনমুন নামৰ যুৱকজনৰ অৱস্থা সংকটজনক

উল্লেখ্য যে,দুখন মটৰচাইকেলত অহা চাৰি দুৰ্বৃত্তই সৌৰভক লক্ষ্য কৰে দুবাৰকৈ গুলীওৱাৰ বিপৰীতে সংগী মুনমুনক তিনিবাৰকৈ গুলীয়াইছিল ৷

জে ডি ইউৰ যুৱ নেতাকজনক দুৰ্বৃত্তই হত্যা কৰাৰ পাছতে জে ডি ইউৰ নেতা-কৰ্মী সকল ক্ষুব্ধ হৈ পৰে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনা তীব্ৰ নিন্দা কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷ একেদৰে ঘটনাস্থলীলৈ এজন মন্ত্ৰীক প্ৰেৰণ কৰে ৷

বিহাৰ আৰক্ষীৰ শীৰ্ষ কে’বাজনো বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি হত্যাকাৰীক শীৰ্ঘেই জালত পৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে ।

ইপিনে,সৌৰভ কুমাৰৰ হত্যাৰ খবৰ পায় দুৰ্ভগীয়া পৰিয়ালক সমবেদনা জনাবৰ বাবে বাসগৃহত উপস্থিত হয় আৰজেডীৰ সভাপতি লালু প্ৰসাদ যাদৱৰ তনয়া মিষা ভাৰতী।

Exit mobile version