US for Supporting Palestine Indian-Origin Student Arrested:পেলেষ্টাইনৰ সমর্থনত প্রতিবাদত অংশ লোৱা ভাৰতীয় মূলৰ ছাত্ৰীক গ্ৰেপ্তাৰ আমেৰিকাত

telengana

US for Supporting Palestine Indian-Origin Student Arrested:

ইজৰাইলৰ আৰু হামাছৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। আমেৰিকাৰ একাংশ অঞ্চলত সম্প্রতি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে পেলেষ্টাইনৰ সমর্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে ব্যাপক প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে।

আমেৰিকাৰ প্রিন্সটন ইউনিভাৰছিটিত আয়োজিত এনে ইজৰাইল বিৰোধী প্ৰতিবাদত অংশ লোৱা এগৰাকী ভাৰতীয় মূলৰ ছাত্ৰীক প্রশাসনে গ্রেপ্তাৰ কৰিলে। প্রকাশিত বাতৰি অনুসৰি ভাৰতীয় মূলৰ ছাত্ৰী অচিন্তয় শিৱলিংগমক প্রিন্সিটন বিশ্ববিদ্যালয়ৰ চৌহদত পেলেষ্টাইনৰ সমর্থনত বিক্ষোভ প্রদর্শনত অংশ লোৱাৰ সময়তে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।

উত্থাপিত অভিযোগ অনুসৰি, শিৱলিংগমে পুৱা উক্ত বিশ্ববিদ্যালয়ৰ চৌহদত পেলেষ্টাইনৰ সমর্থনত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে প্রতিবাদকাৰীৰ এক শিবিৰ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰাৰ সময়তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

Exit mobile version