Wild Elephant Attack in Dhekiajuli:ঢেকীয়াজুলিৰ ধীৰাইমাজুলীত বন্যহস্তীৰ সন্ত্ৰাস

বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মী সহ তিনিজন নিহত

dhekiajuli

Wild Elephant Attack in Dhekiajuli:

দিনক দিনে হস্তী – মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। খাদ্য সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ভৈয়ামত চলায় তাণ্ডৱ ৷ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে মানুহকে কৰে আক্ৰমণ ৷

এইবাৰ বন্যহস্তীৰ আক্ৰমণত নিহত হয় দুই বনকৰ্মী সহ তিনিজনলোক ৷ এই ঘটনা সংঘটিত হয় ঢেকীয়াজুলিৰ ধীৰাইমাজুলীত ৷

উল্লেখ্য যে, কিছুদিন ধৰি ধীৰাইমাজুলীত বন্যহস্তীৰ জাকে সন্ত্ৰাস অব্যাহত ৰখাৰ বাবে হাতী খেদিবলৈ নিয়োজিত আছিল বনকৰ্মীৰ দল এটা ৷ হাতী খেদিবলৈ যাওতে আক্ৰমণৰ বলি হয় বনকর্মীদ্বয় বীৰেন ৰাভা আৰু কুলেশ্বৰ বড়ো সহ আন এজন লোক ৷

ইতিমধ্যে,ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত দুই বনকৰ্মীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

Exit mobile version