Dubai International Airport:ডুবাইত নিৰ্মাণ কৰিব বিশ্বৰ সর্ববৃহৎ আন্তঃজার্তিক বিমান বন্দৰ

৪০০ টার্মিনেল গেট- পাঁচ ৰাণৱেৰ থাকিব সুবিধা

dubai

Dubai International Airport:

বৃহৎ অট্টালিকা নির্মাণৰে সমগ্র বিশ্বক চমক দি অহা সংযুক্ত আৰব আমিৰাতে এইবাৰ নিৰ্মাণ কৰিৰ বিশ্বৰ সবাতোকৈ বৃহৎ বিমানবন্দৰৰ। এই বৃহৎ আকাৰৰ বিমানবন্দৰৰ নাম হ’ব অল মকতুম ইন্টাৰনেচনেল এয়াৰপৰ্ট।

ডুবাইৰ শাসক শ্বেখ মহম্মদ বীন ৰছিদ অল-মকতুমে ১২৮ বিলিয়ন এইডি ব্যয়ৰ নিৰ্মাণ হ’ব লগা এই বিমানবন্দৰৰ পৰিকল্পনাত অনুমোদন জনালে।

অৱশ্যে এই বিমানকোঠৰ নির্মাণৰ কাম ২০১৩ৰ পৰাই অব্যাহত আছে। বিশ্বৰ সবাতোকৈ বৃহৎ আকাৰৰ বিমানবন্দৰ হিচাপে নির্মাণ কৰিবলগা ডুবাইস্থিত এই আন্তর্জাতিক বিমানবন্দৰৰ ৪০০ টার্মিনেল গেট আৰু পাঁচটা ৰাণৱেৰ সুবিধা থাকিব।

Exit mobile version