Egg-Laying Fish Are Being Sold in Markets:নিষেধাজ্ঞা সত্ত্বেও ৰাজ্যত বজাৰে বজাৰে বিক্ৰী হৈ আছে কণীযুক্ত মাছ

ব্যাপক হাৰত উলংঘন মীন আইন, বিলুপ্তিৰ দিশে ২০বিধৰ অধিক থলুৱা প্ৰজাতিৰ মাছ

assam fish

Egg-Laying Fish Are Being Sold in Markets:

ৰাজ্যজুৰি ব্যাপক হাৰত উলংঘা হৈছে মীন আইন। মীন বিভাগৰ অদক্ষতা, ৰাইজৰ মাজত মীন আইন সন্দর্ভত সচেতনতা সৃষ্টিত বিভাগৰ ব্যৰ্থতা, মীনপালক সকলৰ মীন আইন সন্দর্ভত অজ্ঞতা আদিৰ পৰিপ্ৰেক্ষিতত মীন আইন ধোঁৱাচাঙত উঠিছে। এসময়ত বিভিন্ন প্ৰজাতিৰ থলুৱা প্ৰজাতিৰ মাছেৰে উভৈনদী নগাঁও জিলাত ক্রমাং নাইকিয়া হ’বলৈ ধৰিছে কমেও ২০বিধ থলুক্স প্রজাতির মাছ। সেয়েহে তাহানিৰ
কুঁহিপাঠৰ বিখ্যাত পদ্য ‘নাৰ বাত পাত মাছ আৰু এটা কাছ! বাৰ টকাত কিনি আনি কিয় বাৰু নাচ! এতিয়া সাধুকথাতহে পৰিণত হ’ল।

জিলাখনত থলুৱা প্ৰজাতিৰ মাছ ক্রমান্বয়ে নিঃশেষ হ’বলৈ ধৰাত দুষ্প্রাপ্য হৈ পৰা প্রতিবিধ থলুৱা মাছৰ মূল্য দিনক দিনে আকাশলংঘী হৈ পৰিছে। নগাঁও জিলাত ৩৫ বিধৰো অধিক হুলুবা প্ৰজাতিৰ মাছ উভৈনদী আছিল। কাৱৈ, গৰৈ , চেঙেলী, নাৰ, বাত, পাভ, পুঠি, খলিহনা, মোৱা, কান্ধুলি, দৰিকণা, শিঙি, মাগুৰ, ভেচেলী, শিঙৰা ,তোৰা, ককিলা, চন্দা, ঢোলবাই, গেঠু, এলেভী, কুহি, ভাঙোন, ৰৌ, মিৰিকা, গেদগেদী, বলিয়ৰা, কলিয়াজাৰ, ভকুৱা, খৰিয়া, বামী, চেলকণা, ঘৰীয়া, শ’ল, শাল, পিঠিয়া প্রমুখ্যে থলুৱা প্রজাতিৰ মাছ উভৈনদী আছিল।

কিন্তু মীন বিভাগে এই থলুৱা প্ৰজাতিৰ মাছসমূহৰ সংৰক্ষণত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত একাংশ লোকে অতি ঘন জাল আনকি আঁঠুৱা জালেৰে মাছে কণী পৰাৰ সময়তে মাছসমূহ অবাধে ধৰি থকাৰ পৰিপ্ৰেক্ষিতত বহু প্ৰজাতিৰ থলুৱা মাছ বিলুপ্ত হোৱাৰ পথত। জিলাখনৰ নৈ, বিল, খালৰ পৰা নাইকিয়া হৈ পৰিল নাৰ, বাত পাভ, কৰটী, এলেঙী, চেলকণা, দৰিকণা, চেঙেলী, খলিহনা, বলিয়ৰা, ভেছেলী, শিঙৰা, গেঠু, তোৰা, ঢোলবাই, চন্দা আদি মাছ।

থলুৱা মাছৰ বিলুপ্তি ঘটিবলৈ ধৰাত সম্প্রতি জিলাখনৰ বজাৰত প্রতি কেজি শিঙি-মাগুৰ মাছৰ মূল্য এহেজাৰ টকাৰ পৰা বাৰশ টকা, প্রতি কেজি কাৱৈ মাছৰ মূল্য ছশ টকাৰ পৰা আঠশ নশ টকা হৈছেগৈ। আনহাতে, প্রতি কেজি গৰৈ মাছৰ দামো ছশ- সাতশ টকা হৈছেগৈ। এনে অৱস্থাতো কেতিয়াবা আকৌ এই থলুৱা মাছবোৰ বজাৰত বিচাৰি পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হয়। জিলাখনৰ ব্যাপক জনবিস্ফোৰণ, নৈ, বিল, জলাশয়ৰ জল অঞ্চলৰ ভূমিত ব্যাপক বেদখল অব্যাহত আছে।

যাৰ ফলত জিলাখনৰ মীন ক্ষেত্ৰখনলৈ চৰম সংকট নামি আহিছে। থলুৱা প্ৰজাতিৰ মাছসমূহ বিলুপ্ত হৈ অহাৰ সময়তে এচাম দৃষ্ট প্রকৃতিৰ লোকে মীন বিভাগৰ নিষেধাজ্ঞা সত্ত্বেও এই থলুৱা মাছসমূহ ধৰি নিঃশেষ কৰিবলৈ ধৰিছে। তথাপি এইসকল লোকৰ বিৰুদ্ধে মীন বিভাগে কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। অদ্যাপি ৰাজ্যৰ বিয়াগোম মীন বিভাগটোবে থলুৱা মাছৰ সংৰক্ষণ কৰাত কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

নগাঁও জিলাত থলুৱা মাছ সংৰক্ষণৰ বহু সম্ভাৱনা থকাৰ পাছতো আজি পর্যন্ত বিভাগটোৱে কোনো কাৰ্য ব্যৱস্থা নোলোবাত মীন পালনৰ লগত জড়িত মীনপালকসকল বহু হতাশ হ’ব লগাত পৰিছে। সেয়ে জিলাখনৰ একাংশ মীনপালকে এতিয়া নিজাববীয়াকৈয়ে বেংকৰ পৰা লাখ টকা ঋণ লৈ থলুৱা মাছ সংৰক্ষণৰ দিহা কৰিবলৈ বাধ্য হৈছে। পূৰ্বতে ব’হাগৰ এই দিনসমূহত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্রামাঞ্চলৰ ঠায়ে ঠায়ে থলুৱা মাছৰ উজান উঠে যদিও এতিয়া সেয়া দুর্লভ দৃশ্য। এই সময়ত থলুৱা মাছৰ কণী পৰা ভৰকপ সময়। এই ভৰকপ সময়তে খাল, বিল, পুখুৰী, জলাশয়, পথাৰ, পিতনি, দলনি আদিত থলুৱা মাছবোৰে কণী পাৰিবলৈ উপযুক্ত ঠাই বিচাৰি লয়।

উল্লেখ যে, মীন বিভাগে থলুৱা প্ৰজাতিৰ মাছ সংৰক্ষণ কৰাৰ নামত কার্যলয়ত এখন মাত্র ফলক আঁৰি, বাতৰি কাকতত বিজ্ঞাপন প্রকাশ কৰি, একোখন সজাগতা সভা পাতিয়েই নিজৰ দায়িত্ব সামৰা দেখা গৈছে। উল্লেখ্য যে ৰাজ্যত সামগ্রিকভাবে মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম নীতি, ১৯৫৩ আৰু অসম মীন পোনা আইন, ২০০৫ বলবৎ হৈ আছে। মীন পোনা আইন, ২০০৫ৰ আধাৰত অসম মীন পোনা নীতি, ২০১০ ইতিমধ্যে গৃহীত হৈছে। অসম মীন নীতি, ১৯৫৩ সংশোধিত ২০০৫ মর্মে প্রাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্রজনন কালছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্রত কিছুমান বাধা-নিষেধ জাৰি কৰা হৈছে।

এইসমূহ থোৰতে এনে ধৰণৰ (ক) এক এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ সাত ছেঃমিঃ বাৰ/১৪ চেঃমিঃতকৈ ২.৭ ইঞ্চি বা ৫.৫ ইঞ্চি কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা আন যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (খ) এক ছেঃমিঃ বাৰ/দুই চেঃমিঃতকৈ পাহিৰ আঁঠুৱা জাল গোটেই বছৰজুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (গ) এক মে’ৰ পৰা ১৫ জুলাইলৈ মাছৰ প্ৰজনন ঋতুৰ সময়ত ৰৌ, বাহু, মিৰিকা, মালি, কলিয়াজাৰ, চিতল, পিঠিয়া, ঘৰিয়া আৰু কুঞ্জি প্রজাতিৰ কণী বা শুক্র থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰিব নোৱাৰিব। (ঘ) এক আগষ্টৰ ৩১ অক্টোবৰলৈ ৰৌ, বাহু, মিৰিকা, চিতল, পিঠিয়া, শিলঘৰিয়া মাছৰ ২৩ চেঃমিঃ ৯ ইঞ্চি দৈর্ঘ্যতকৈ তলৰ আৰু কলিয়াজাৰ, মালি, কুঞ্জি, ভাঙোন মাছৰ ১০ ছেঃমিঃ ৩.৯ ইঞ্চি দৈর্ঘ্যতকৈ সৰু মাছ খোৱা বা বিক্ৰীৰ বাবে ধৰিব বা মাৰিব নোৱাৰিব। (ঙ) এক মে’ৰ পৰা ১৫ জুলাইলৈ কোনো নদী, ডোবা, বিল বা মীন মহলত সাত বর্গ চেঃমিঃতকৈ ২.৭ বর্গ ইঞ্চি সৰু ফাঁকৰ অস্থাৱৰ বানা (বাঁহেৰে তৈয়াৰী মাছ ধৰা সঁজুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব আদি।

কিন্তু বাস্তৱ ক্ষেত্রত জিলাখনত এই মীন আইনৰ ধাৰাসমুহ ধোঁৱাচাঙত উঠাহে পৰিলক্ষিত হৈছে। কিয়নো নিষেধাজ্ঞাৰ সময়তো জিলাখনত সৰু সৰু আৰু গাভিনী মাছ অবাধে ধৰি থাকে। বজাৰসমূহতো তেনে মাছ অবাধে বিক্রী হৈ থাকে। আনকি এতিয়াও জিলাখনৰ সকলো ঠাইতে অবাধে কণীযুক্ত গাভিনী মাছ বিক্রী হৈ আছে। এয়া দেখিও চকুমুদা কুলিৰ ভাও ধৰি আছে নগাঁৱৰ মীন বিভাগে। এসময়ত থলুৱা প্রজাতিৰ মাছ উভৈনদী হৈ থকা জিলাখনত থলুৱা প্রজাতিৰ মাছ ক্রমান্বয়ে বিলুপ্তি হ’বলৈ ধৰাত নতুন প্ৰজন্মৰ বাবে এই মাছসমূহ অচিনাকি হৈ পৰিছে ৷

Exit mobile version