ONGC:দিচাংপানীত অএনজিচিত অঘটন !

ONGC:দিচাংপানীত অএনজিচিত অঘটন ! তৈল-গেছ পৰিবাহী পাইপ ফুটি তেল-গেছ নিৰ্গত হৈ পৰিছে দিচাং নৈত

ongc

ONGC:

চৰাইদেও জিলাৰ দিচাংপানীত মঙলবাৰে পুৱাই সংঘট হয় এক অঘটন ৷ অঞ্চলটোত থকা অএনজিচি বিএম ১১ তৈল খাদৰ পৰা লাকুৱা আঠ নং জিজিএচ লৈ তেল-গেছ পৰিবাহী পাইপ হঠাতে ফুটি অহৰহ নিৰ্গত হয় তেল-গেছ ৷

আনহাতে নিৰ্গত তেল-গেছ পৰিছেগৈ দিচাং নৈত ৷নৈত তেল-গেছ পৰাৰ ফলস্বৰূপে মৎস্য আৰু আন আন জলচৰ প্ৰাণীলৈ ভাবুকি আহি পৰিছে ৷ বিশেষকৈ এসময়ত মাছে কণী দিয়ে ৷

উল্লেখ্য যে,চেপন সংযোগী পথৰ দিচাং নৈৰ ওপৰত থকা দিচাংপানী দলঙত সংলগ্ন হৈ থকা পাইপ ফুটি হঠাতে তেল-গেছ নিৰ্গত হৈ থকাক লৈ আতংকিত হৈ পৰিছে স্থানীয় শ্যাম গাঁৱৰ লোকসকল ৷

তেলগেছ নিৰ্গত হৈ থকাৰ সময়ত হৈ থকা বৰষুণৰ বাবে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে শ্যাম গাঁও সহ দাঁতি কাষৰীয়া অঞ্চল ৷

ইতিমধ্যে ঘটনাস্থলিত অএনজিচি কাৰিকৰী টিম এটা উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰাত উঠিপৰি লাগিছে যদিও ফুটা পাইপডাল বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷অৱশ্যে অএনজিচি কাৰিকৰী টিমটোৱে চেষ্টা অব্যাহত ৰাখিছে ৷

অএনজিচি কাৰিকৰী দলটোৰ এজন বিষয়াই সদৰি কৰা মতে,তেলগেছ নিৰ্গত হৈ থকা ফুটা পাইপটো বন্ধ হ’ব আজিৰ ভিতৰতে ৷

Exit mobile version