Final Phase of The State Election Will be Held on Tuesday:মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন

চাৰি সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব ৪৭গৰাকী প্ৰাৰ্থীৰ

3ed phace

Final Phase of The State Election Will be Held on Tuesday:

মঙলবাৰে লোকসভা নিৰ্বাচনত দেশৰ ৯৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ১৩৫২ জন প্ৰাৰ্থীৰ ৷ আনহাতে অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ত নিৰ্বাচনত মুঠ ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ সাত মে’ত ৮১,৭৭,২০৭ গৰাকী ভোটাৰে বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আৰু ধুবুৰীৰ প্ৰতিদ্বন্দ্বী প্রার্থীসকলৰ মাজৰ পৰা পছন্দৰজনক নিৰ্বাচন কৰিব।

ইয়াৰে ৪১,২৭,০৯৯ জন পুৰুষ আৰু ৪০,৮৪,১৩০ গৰাকী মহিলা ভোটাৰ। তেওঁলোকে ৯,৫১৬ টা কেন্দ্রত ভোটদান কৰিব তৃতীয় পৰ্যায়ৰ -নিৰ্বাচনত ৪৭ গৰাকী বিভিন্ন দল আৰু নির্দলীয় প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে। বিজেপি, কংগ্রেছ, অগপ, বিপিএফ, ইউপিপিএল, এআইইউডিএফ আদিকে ধৰি সকলো দলৰে প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷

নির্বাচনী আয়োগৰ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ ১৯,৪৯,৮৭৩ গৰাকী ভোটাৰে এইবাৰ ১৪ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব। ইয়াৰে ৯,৮৮,৫৭০ জন পুৰুষ আৰু -৯,৬১,২৭৬ গৰাকী মহিলা ভোটাৰ। মুঠ তৃতীয় লিংগৰ ২৭ গৰাকী ভোটাৰ আছে ৷ সমীক্ষা অনুসৰি ১৪ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী,কংগ্ৰেছৰ দীপ বায়ন আৰু চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰৰ মাজতে মুল যুঁজখন সীমাবদ্ধ থাকিব পাৰে ৷

আনহাতে বড়োভূমিৰ অন্যতম লোকসভা সমষ্টি কোকৰাঝাৰৰ অন্তৰ্গত নটা বিধানসভা সমষ্টি আছে আৰু সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ’ল ১৪,৭২,৯০১ গৰাকী। ইয়াৰে ৭,৩৬,৩৪৯ জন পুৰুষ, ৭,৩৬,৫৪৬ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ হ’ল ছগৰাকী।
সমষ্টি অনুসৰি ভোটাৰৰ সংখ্যা হ’ল ক্রমে এক নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত ১,১৩,২৮২ গৰাকী, দুই নম্বৰ দোেতমা (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিত ১,০৫,৬৪৯ গৰাকী, তিনি নম্বৰ কোকৰাঝাৰ (জনজাতি সংৰক্ষিত) সমষ্টিত ১,৪২,১৬৬ গৰাকী, চাৰি নম্বৰ বাওখুংগ্ৰী সমষ্টিত ১,৬০,৪৫৩ গৰাকী, পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিত ১,৬৮,২৫২ গৰাকী, ২০ নম্বৰ বিজনী সমষ্টিত ১,৭৭,৬০৭ গৰাকী, ৪১ নম্বৰ মানাহ সমষ্টিত ২,০০,৪০৩ গৰাকী আৰু ৪২ নম্বৰ বাকসা (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিত ১,৯৪,৪৫১ গৰাকী ভোটাৰ আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিত এহেজাৰ আঠশ ৬২ টা প’লিং ষ্টেছন আছে। ইয়াত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হ’ল ৩২৪ গৰাকী আৰু ৮৫ বছৰ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা হ’ল সাত হেজাৰ গৰাকী । ইপিনে, জনগাঁথনিৰ দিশৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো ভোটাৰ সৰ্বাধিক । বড়োৰ পাছতেই সংখ্যালঘু মুছলমান ভোটাৰে দ্বিতীয় স্থান আৰু কোঁচ ৰাজবংশী ভোটাৰে তৃতীয়স্থান দখল কৰিছে। ৰাজনৈতিক দলৰ হাতত মজুত থকা তথ্য মতে সমষ্টিটোত বড়ো ভোটাৰৰ সংখ্যা হ’ল ৫,১৩,৬৭৩ গৰাকী, সংখ্যালঘু মুছলমান ভোটাৰ ৩,২১,১৬২ গৰাকী, কোঁচ ৰাজবংশী ভোটাৰ ১,৫১,১৭৭ গৰাকী, বঙালী ভোটাৰৰ সংখ্যা হ’ল ১,৪৪,৬৯৫ গৰাকী, আদিবাসী ১,১৯,৬৩৪ গৰাকী, অসমীয়া ভোটাৰ ৮৭,৬০২ গৰাকী, গোর্খা ৩৩,১২১ গৰাকী,ৰাভা ২৮,৯৯৮ গৰাকী, নাথ-যোগী ২০,৫০০ গৰাকী, হিন্দীভাষী ১৪,৬৪২ গৰাকী, সূত্ৰধাৰ ৮৭০২ গৰাকী, শৰণীয়া ৫৮৮০ গৰাকী, মদাহী ৭০৮৪ গৰাকী, গাৰো ৭৭০৫ গৰাকী, হাজং ৩৪৮ আৰু অন্যান্য ৭৯৭৮ গৰাকী ভোটাৰ আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিত ১২ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। কিন্ত মূল যুঁজ বিপিএফৰ খাম্ফা বৰগৰায়ী আৰু ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু গণ সুৰক্ষা পার্টিৰ প্রার্থী বিনীতা ডেকাৰ মাজত।

আনহাতে ৰাজ্য ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হ’ল ধুবুৰী ৷ ধুবুৰীত মুঠ ২৬ লাখ ৬০ হাজাৰ ৮২৭গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ৬২ হাজাৰ ২১৭ জন, মহিলা ভােটাৰ ১২ লাখ ৯৮ হাজাৰ ৫৮৫ গৰাকী আৰু ২৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। সমষ্টিটোত মুঠ ভোটকেন্দ্র আছে ৩,০২৪টা। প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী ৷ মুল আকৰ্ষণীয় যুজঁ খন তিনিকোণীয়া হ’ব ৷ এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল , কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন আৰু অসম গণ পৰিষদৰ জাবেদ ইছলামৰ মাজতে যুঁজ খন সীমাবদ্ধ থাকিব ৷

আনহাতে উত্তৰ- পূৰ্বৰ দুৱাৰ মুখ স্বৰূপ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত ১০ টা বিধানসভা সমষ্টিৰ পূব গোৱালপাৰা, দুধনৈ, চমৰীয়া, বকো- ছয়গাঁও, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, চেন্ট্রেল গুৱাহাটী, জালুকবাৰীৰ মুঠ ২০,৩৯,৭৬৫ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব আঠ গৰাকী প্ৰাৰ্থীৰ ৷ দুই কোণীয়া যুঁজত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজতেই মুখামুখী যুঁজ খন হ’ব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে ৷

Exit mobile version