Loksabha Election 2024:দেশৰ ১২ ৰাজ্যৰ ৯৪ সমষ্টিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

আহমেদাবাদত ভোটদান সাব্যস্ত প্ৰধানমন্ত্ৰী মোদী,গৃহমন্ত্ৰী আৰু সপত্নীক গৌতম আদানীৰ

pm modi

Loksabha Election 2024:

দেশৰ ১০ ৰাজ্য আৰু ২ কেন্দ্রীয়শাসিত অঞ্চলৰ ৯৪ সমষ্টিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ হয় । একেদৰে অসমৰ ৪ সমষ্টি ক্ৰমে গুৱাহাটী,কোকৰাঝাৰ ধুবুৰী আৰু বৰপেটাত অন্তিম পৰ্যায়ৰ ভোটগ্রহণ পুৱাৰে পৰা আৰম্ভ হৈছে ৷

আনহাতে, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮ , মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ , জন্ম-কাশ্মীৰৰ ১, দাদৰা-নগৰ হাৱেলী তথা দামানৰ ১,বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ ২ ,গুজৰাটৰ ২৬টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত হয় ভোটদান ৷উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী হাই প্ৰফাইল ৰথী- মহাৰথীৰ ভাগ্য বন্দী হ’ব ইভিএমত

আনহাতে আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী ৰণত নমা হেভিয়েট প্ৰাৰ্থী সকল হ’ল বিজেপিৰ চানক্য তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইয়ে ৷ তেওঁৰ বিপক্ষে নিৰ্বচনী ৰণত অৱতীৰ্ণ হৈছে কংগ্ৰেছৰ সোনাল পেটেল ৷

কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্রতিদ্বন্দ্বিতা মধ্যপ্ৰদেশৰ গুণা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া,এম পিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশৰ বিদিশাত, মধ্যপ্ৰদেশৰে ৰাজগড় সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ দিগ্বিজয় সিঙে ৷

আনহাতে মহাৰাষ্ট্ৰৰ বাৰামতিত প্ৰতিদ্বন্দ্বিতা কৰিছে এন চিপিৰ শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া শূলে৷ তেওঁ শাৰদ পাৱাৰৰ জীয়ৰী ৷ মনকৰিবলগীয়া এই সমষ্টিত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে শাৰদ পাৱাৰৰ ভতিজা , মহাৰাষ্ট্ৰৰ উপ- মুখ্যমন্ত্ৰী তথা এনচিপিৰ সভাপতি অজিত পাৱাৰৰ পত্নী সুনীতা পাৱাৰে ৷ দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সমন্ধত নবৌ – ননদ ৷

ইপিনে,উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিত পুনৰ দ্বিতীয় বাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে সমাজবাদী পাৰ্টিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱে ৷ কংগ্ৰেছ শাসিত কৰ্ণাটকৰ ধাৰোৱাৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী,পশ্চিমবংগৰ বহৰমপুৰ সমষ্টিত কংগ্ৰেছৰ শীৰ্ষ নেতা অধিৰঞ্জন চৌধুৰীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

আনহাতে, আজি পুৱাতে আহমেদাবাদত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,সপত্নীক অমিত শ্বাহ আৰু বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে ৷কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে পত্নীসহ ভোটদান কৰে কৰ্ণাটকৰ বাচাভাংগাৰু ভোট কেন্দ্ৰত ৷

Exit mobile version