Bhabesh Kalita Pressmeet:ৰাজ্য চৰকাৰৰ তিনিবছৰীয়া বিকাশমুখী যাত্ৰালৈ অভিনন্দন ৰাজ্যিক বিজেপিৰ

bhabesh kalita

Bhabesh Kalita Pressmeet:

মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ তৃতীয় বর্ষপূর্তি প্রাকক্ষণত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।

আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকে অসম চৰকাৰৰ তৃতীয় বর্ষপূৰ্তিৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কলিতাই কয়, মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্ৰীৰ লগতে বিধায়কক শুভেচ্ছা জনাইছোঁ। চৰকাৰখনে অনাগত সময়তো অসমৰ সর্বাংগীন বিকাশৰ স্বাৰ্থত নিৰন্তৰে কাম কৰি যাব বুলি আশা প্রকাশ কৰিলোঁ।

আনহাতে লোকসভা নির্বাচন সম্পর্কে সোধা প্রশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয়, অসমত এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি পাইছে। গণতন্ত্ৰৰ মৰ্যাদা অক্ষুন্ন ৰাখি ভোটদান কৰা প্ৰতিগৰাকী সন্মানীয় নাগৰিকলৈ শ্রদ্ধা জনাইছোঁ। তেওঁ লগতে কয় যে জনতাই শান্তিপূর্ণভাবে ভোট প্রদান কৰিবলৈ এক সুস্থিৰ পৰিবেশ লাভ কৰিছে, কোনোধৰণৰ উদ্বেগজনক ঘটনা সংঘটিত হোৱা দেখা নগ’ল, ই আমাৰ বাবে অত্যন্ত ইতিবাচক বতৰা।

চলিত লোকসভা নির্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ১৩ খনতেই ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজয়ৰ সম্ভাবনা আছে বুলি কলিতাই লগতে সদৰী কৰে।

Exit mobile version