Doctor Dies in Rented House in Guwahati:মহানগৰীৰ ভাড়াঘৰত চিকিৎসকৰ ৰহস্যজনক মৃত্যু

লখৰাৰ পিঠাগুৰিৰ ভাড়াঘৰত উদ্ধাৰ চিকিৎসক গৰাকীৰ মৃতদেহ, বশিষ্ঠ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিতিত উদ্ধাৰ মৃতদেহটো

doctor dead

Doctor Dies in Rented House in Guwahati:

মহানগৰীৰ ভাড়াঘৰত চিকিৎসকৰ ৰহস্যজনক মৃত্যু ৷ লখৰা পিঠাগুৰিৰ গৃহ নং ১০ত মৃত অৱস্থাত উদ্ধাৰ কৰা চিকিৎসক গৰাকীৰ নাম ডা:সুজিতা কাশ্যপ (২৫) । সুজিতাৰ ঘৰ পাঠশালাত ৷ তেওঁ চিকিৎসক ৰূপে কৰ্মৰত হৈ আছিল ছয়মাইলৰ ৰহমান হাস্পতালত ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

ইতিমধ্যে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী আৰু এগৰাকী দণ্ডাধীশ উপস্থিতিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷ ঘটনাৰ আঁৰত প্রেমজনিত কাৰণ থকা বুলি সন্দেহ কৰি চিকিৎসক গৰাকীৰ পৰিয়ালে ৷

আনহাতে প্ৰেমজনিত কাৰণতে যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনহে নিশ্চিত কৰিব যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ ৷

Exit mobile version