Ex.MP Ishwar Prasanna Hazarika Passed Away :
লোকসভা প্ৰাক্তন সদস্য ঈশ্বৰ প্ৰসন্ন হাজৰিকা আৰু নাই । হৃদৰোগৰ বাবে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত সোমবাৰে পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। বয়স আছিল ৮৮ বছৰ।
ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হাজৰিকাই দুজন পুত্ৰ এক কন্যা আৰু মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত দুজন পুত্ৰ, পত্নীক এৰি থৈ যায়। পুত্ৰ-কন্যাই বিদেশত বসবাস কৰি আছে। বহু দিনৰ পৰা দিল্লীত বসবাস কৰা হাজৰিকা এসময়ত মিনাৰেল এণ্ড মেটাল ট্ৰেডিং কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল।
মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ব বিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনৰ পৰাও বেৰিষ্টাৰ হৈছিল। এসময়ত তেওঁ আয়কৰ বিভাগৰ আয়ুক্ত আৰু অসম ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ অধ্যক্ষ আছিল। ১৯৯৬ চনত তেজপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হাজৰিকাই লোকসভাৰ সদস্য হৈছিল।