Guwahati High Court Judgement On SPO স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

পুনৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক বিষয়টো বিবেচনা কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

guwahati high court

Guwahati High Court Judgement On SPO:

হঠাতে চাকৰি হেৰুৱা সাত শতাধিক স্পেচিয়েল পুলিচ অফিচাৰক(SPO) আৰু হোম গাৰ্ডকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান ৷ কৰ্মৰত অৱস্থাতে হঠাতে চাকৰি হেৰুৱা সাত শতাধিক এছপিঅ’পৰিয়ালৰ বাবে আশাব্যঞ্জক খবৰ ৷

নিযুক্তি হেৰুৱা সাত শতাধিক SPO ক পুনৰ নিযুক্তিৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ৷

একেদৰে এছপিঅ’ সকলক অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিযুক্তিৰ ক্ষেত্ৰত যাবতীয় পদক্ষেপ ল’বলৈকো চৰকাৰৰ নিৰ্দেশ প্ৰদান ন্যায়ালয়ৰ।

উল্লেখ্য যে, এছপিঅ ‘ হিচাপে নিয়োজিত হৈ থকাৰ মাজতে হঠাতে তেওঁলোকক চাকৰিৰ পৰা বিদায় দিয়ে ৰাজ্য চৰকাৰে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এছপিঅ সকলে সময়ে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল যদিও চৰকাৰৰ কোনো ইতিবাচক সহাৰি লাভ নকৰি অৱশেষত দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷
অৱশেষত তেওঁলোকৰ সপক্ষে ৰায়দান দিয়ে ন্যায়ালয়ে ৷ এই ৰায়দানে হাঁহি বিৰিঙালে এছপিঅ’ পৰিয়াললৈ ৷

Exit mobile version