Priyanka Gandhi Vadra :ৰায়বেৰেলীৰ এখন নিৰ্বাচনী সভাত মোডীক কটাক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰা

মৃত্যুৰ পূৰ্বে 'হে ৰাম' বুলি কোৱা বাপুজী আমাৰ আদৰ্শ

piyanka 33

Priyanka Gandhi Vadra :

লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সৰু-বৰ সকলো ৰাজনৈতিক দলৰ নেতাই ব্যাপক প্ৰচাৰাভিযান অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত ৰায়বেৰেলীত
নিজ ভাতৃ ৰাহুল গান্ধীৰ হৈ প্ৰচাৰ অভিযানত জপিয়াই পৰিছে প্ৰিয়ংকা গান্ধী ৷

ৰায়বেৰেলীৰ এখন সভাত প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰি প্ৰিয়ংকাই কয়,মৃত্যুৰ পূৰ্বে “হে ৰাম” উচ্চাৰণ কৰা মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰে তেওঁৰ দলে
।কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বৃহস্পতিবাৰে এইদৰে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক ধৰ্ম বিৰোধী বুলি অভিযোগ উত্থাপন কৰাটো ভুল কথা বুলিও কয় ।
তেওঁ কয় “তেওঁলোকে আমাক হিন্দু ধৰ্মৰ বিৰোধী বুলি অভিযোগ কৰে। আমি মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰোঁ যিয়ে মৃত্যুৰ পূৰ্বে ‘হে ৰাম‘ বুলি ধ্বনি দিছিল।

বিজেপিয়ে নিজকে “হিন্দু ধৰ্মৰ চেম্পিয়ন” বুলি দাবী কৰিলেও উত্তৰ প্ৰদেশৰ চৰকাৰী গোহালিৰ অৱস্থা শোচনীয় হৈয়েই আছে বুলি অভিযোগ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Exit mobile version